অসম

তিনিচুকীয়াৰ মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

সংবাদদাতা, তিনিচুকীয়া:- ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদ আজি তিনিচুকীয়াৰ মাকুম আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। দিনক-দিনে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম বৃদ্ধি হৈ আছে যদিও যোগান বিভাগে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হোৱাৰ অভিযোগ কৰি আজি মাকুম নগৰৰ মাজ-মজিয়াত মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যসূচীত মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে মাকুম অঞ্চলৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ লগতে স্থানীয় ৰাইজে সহযোগ কৰে। অতি শীঘ্ৰেই ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধ নকৰিলে ৰাইজৰ সহযোগত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button