তিনিচুকীয়া পৌৰ সভালৈ স্বচ্ছ সৰ্বেক্ষণ-২০২১ বঁটা
সংবাদদাতা, তিনিচুকীয়া:- কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ নখন পৌৰ সভালৈ ২০২১ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আগবঢ়াইছে। তিনিচুকীয়া পৌৰসভায়ো এইবছৰৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত স্বচ্ছ অমৃত মহোৎসৱ শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ উপস্থিতিত অসমৰ আন আঠখন পৌৰসভাৰ লগতে তিনিচুকীয়া পৌৰ সভাক এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হয়।
তিনিচুকীয়া জিলাৰ উপায়ুক্ত শ্ৰী নৰসিং পাৱাৰ, পৌৰসভাৰ কাৰ্যবাহী বিষয়া শ্ৰী চিন্ময় পাথক আৰু তিনিচুকীয়া পৌৰ সভাৰ কনিষ্ঠ অভিযন্তা শ্ৰী নৱজ্যোতি দাসে আজি এই বঁটা গ্ৰহণ কৰে। উল্লেখযোগ্য যে, উত্তৰ-পূব ক্ষেত্ৰৰ ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যাৰ শ্ৰেণীত তিনিচুকীয়া পৌৰসভাই “Fastest Mover City” হিচাপে প্ৰথম স্থান লাভ কৰিছে। জিলা উপায়ুক্ত শ্ৰী নৰসিং পাৱাৰ, তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া শ্ৰী চিন্ময় পাথক আৰু পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলে এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তিনিচুকীয়া নগৰখনক সুচাৰুৰূপে আগবঢাই নিয়াৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে।