তিনিটাকৈ পকী গ্ৰাম্যপথ ৰাইজৰ বাবে মুকলি ৰাভা হাছঙৰ
পৰিষদীয় এলেকাৰ প্ৰতিটো পথ পকীকৰণ কৰা হ'ব:- টংকেশ্বৰ ৰাভা

সংবাদদাতা, দুধনৈ:- ৰাভা হাছং পৰিষদীয় এলেকাৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো দীৰ্ঘ তথা হস্ৰ দূৰত্বৰ গ্ৰাম্য পথ পকীকৰণৰ কামৰ আঁচনি গ্ৰহণ কৰিছে ৰাভা হাছঙে। এই ক্ষেত্ৰত পৰিষদৰ চীফ টংকেশ্বৰ ৰাভাই বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই আঁচনিৰ অংশ স্বৰূপে যোৱা ১৭ ফেব্ৰুৱাৰীত তিনিটাকৈ পকী পথ ৰাইজৰ বাবে মুকলি কৰি দিয়ে টংকেশ্বৰ ৰাভাই। ২০১৯-২০ আৰু ২০২০-২১ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা প্ৰথমটো পথ ১৪.৫ লাখ টকা ব্যয় সাপেক্ষ ধুপধৰা পৰিষদীয় সমষ্টিৰ সূতাৰপাৰা গাঁৱৰ এটি গ্ৰাম্যপথ, দ্বিতীয়টো পথ ১৮ লাখ টকা ব্যয়ৰে ধনুভাঙা সমষ্টিৰ গাঠিয়াপাৰা গাঁৱলৈ যোৱা মূল পথৰ এটা অংশ আৰু তৃতীয়টো পথ হ’ল ৪০ লাখ টকা ব্যয় সাপেক্ষে ৰাভা জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া দৰংগিৰী সমষ্টিৰ কাচাদল পিটপাৰা গাঁৱৰ শ্বহীদ প্ৰবীণ ৰাভাৰ ঘৰলৈ যোৱা পথটো ৰাইজৰ বাবে মুকলি কৰা হয়। উল্লেখ্য যে ৰাভা হাছং পৰিষদে ৰাভা জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদৰ ঘৰৰ সন্মুখলৈ যোৱা পথৰ উন্নীতকৰণৰ লগতে পকী কৰাৰ পৰিকল্পনা হাতত লৈছে। পকীকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিচত এই তিনিওটা পথ মুকলি কৰি সংবাদ মাধ্যমৰ আগত কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে, ৰাইজে যাতে যাতায়তৰ ক্ষেত্ৰত কোনো অসুবিধা ভোগ নকৰে তথা বোকা পানী গচকি যাতায়ত কৰিব লগা নহয় তাৰ বাবেই যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাম্যপথ সমূহ পকীকৰণৰ আঁচনি প্ৰস্তুত কৰা হৈছে। পকীপথ মুকলি কৰা অনুষ্ঠান উপলক্ষে মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ উপৰিও পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিন মাৰাক, হিতেশ পাটগিৰি, ফনীন্দ্ৰ ৰাভা, পৰিষদৰ কেবাগৰাকী সাধাৰণ সদস্য, ঠিকাদাৰ বনজিৎ ৰাভা আৰু গাঁৱৰ ৰাইজ উপস্থিত থাকে।