অসম

তেজপুৰৰ পৰা জব্দ লাহৰীঘাটৰ কলেজীয়া ছাত্ৰৰ হত্যাকাণ্ডত ব্যৱহৃত বাহন

মূল ঘাতক আনিচুৰ ৰহমান পলাতক: মৃতদেহ বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত

সংবাদদাতা, লাহৰীঘাট:- লাহৰীঘাটৰ এগৰাকী কলেজীয়া ছাত্ৰক প্ৰথমে অপহৰণ কৰি পৰৱৰ্তী সময়ত হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি কেইবাদিন ধৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। লাহৰীঘাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তীব্ৰ অভিযান চলাই আছে যদিও হত্যাকাণ্ডটোৰ লগত জড়িত মূল ঘাতকক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই যদিও হত্যাকাণ্ডটোত ব্যৱহৃত বাহনখন তেজপু্ৰ থানাৰ অন্তৰ্গত ভালুকমাৰীত পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে। লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কালি তেজপুৰৰ পাঁচ মাইলৰ ভালুকমাৰী গাঁৱৰ জাকিৰ হুছেইন নামৰ ব্যক্তি এজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে হত্যাকাৰীয়ে ব্যৱহাৰ কৰা AS 21H 1700 নম্বৰৰ ছেণ্ট্ৰ’ গাড়ীখন। উল্লেখ্য যে, মৰিগাঁও জিলাৰ লাহৰীঘাটত যোৱা ২৬ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এক নাটকীয় ঘটনা। প্ৰেমিকাই ফোন যোগে মাতি আনি প্ৰথমে অপৰহণ আৰু তাৰ পিছত হত্যা কৰোৱাইছিল ফাইজুৰ ৰহৰমান ওৰফে ৰাব্বুল নামৰ কলেজীয়া ছাত্ৰজনক। তাৰ পিছতেই ফাইজুৰৰ প্ৰেমিকা ৰাজানা আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখে। এই গৰাকী ভণ্ড প্ৰেমিকাৰ স্বীকাৰোক্তি ন-প্ৰেমিক আনিচুৰ ৰহমানে আন তিনিজন ঘাতকৰে মিলি নৃশংসভাৱে হত্যা কৰিছিল ফাইজুৰ ৰহমান ওৰফে ৰাব্বুলক। তাৰ পিছৰে পৰা ঘাতক আনিচুৰ ৰহমান পলাতক অৱস্থাত আছে। হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্তক আৰক্ষীয়ে বৰ্তমানলৈ কৰায়ত্ব কৰিবলৈ সক্ষম হোবা নাই যদিও কালি তেজপুৰ থানাৰ অন্তৰ্গত ভালুকমাৰীত ঘাতকে ব্যৱহাৰ কৰা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘাতক আনিচুৰ ৰহমান সম্পৰ্কীয় এগৰাকী ভাগিনৰ ঘৰত উদ্ধাৰ হোৱা বাহনসহ আশ্ৰয় লৈ আছিল। লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সেই স্থানত উপস্থিত হোৱাৰ পূৰ্বেই পলাই যায় অভিযুক্ত আনিচুৰ। আনহাতে লাহৰীঘাট আৰক্ষীয়ে অভিযুক্তক আশ্ৰয় দিয়াৰ অপৰাধত মূল ঘাতকৰ ভনী জোঁৱাই মেৰাজ আলী আৰু ভাগিন জাকিৰ হুছেইন নামৰ ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰি সোধ-পোচ অব্যাহত ৰাখিছে। উল্লেখ্য যে, কলেজীয়া ছাত্ৰ ফাইজুৰৰ হত্যাকাণ্ড সন্দৰ্ভত প্ৰেমিকাৰ স্বীকাৰোক্তিৰ পিছত আৰক্ষীয়ে মৃহদেহ বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত মৃতদেহৰ সন্ধান পোবা নাই।

Show More

Leave a Reply

Your email address will not be published.

Back to top button