অসম

দক্ষিণ-পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক মঞ্চৰ চৰাইবাহী শাখাৰ প্ৰতিষ্ঠা দিৱস পালন

সংবাদদাতা, পশ্চিম যোৰহাট:- দক্ষিণ-পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক মঞ্চৰ চৰাইবাহী শাখাৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস চৰাইবাহী উপ-ক্ৰীড়া সন্থাৰ ভৱনত ইংৰাজী নববর্ষৰ প্রথম দিনটোত পালন কৰা হয়। সভাপতি নগেন চন্দ্র বৰাই পুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰে ব্ৰজেন্দ্ৰ নাথ বৰঠাকুৰে। ভবেন্দ্ৰ প্ৰসাদ দত্তই আঁত ধৰা, সম্পাদক নকুল চন্দ্র বৰাই উদ্দেশ্য ব্যাখ্যা কৰা, নগেন চন্দ্র বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ডাক্তৰ গোলাপ ডেকাই জ্যেষ্ঠ ব্যক্তিসকল শাৰীৰিক ভাৱে সৱল, মানসিকভাৱে সুস্থ আৰু কৰ্মদক্ষ হৈ থাকিবলৈ কৰিবলগীয়া কাম, খাদ্য আৰু ব্যায়ামৰ ব্যাখ্যা কৰে। সংবাদদাতা ৰমেন শইকীয়াই জ্যেষ্ঠ ব্যক্তিসকলক শিশু, কিশোৰ-কিশোৰীসকলৰ আগত জীৱনত লাভ কৰা অভিজ্ঞতা,কাহিনী আদি কোৱাৰ লগতে সংগত থাকিবলৈ অনুৰোধ কৰে। জ্যেষ্ঠ ব্যক্তি ধৰ্মেশ্বৰ বৰা প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থকা সভাত চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মানৱ জ্যোতি পাঠকে মনোভাৱ ব্যক্ত কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: