অসম

দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰিমাৰী গাঁও পঞ্চায়তত আঁচনিৰ নামত ব্যাপক দুৰ্নীতি

নাম মাত্ৰ কাম কৰিয়েই আঁচনিৰ অধিকাংশ ধন আত্মসাৎ

সংবাদদাতা, ধূলা : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে ব্যাপক দুৰ্নীতি। উন্নয়ন খণ্ডৰ একাংশ চৰকাৰী বিষয়া/কৰ্মচাৰীৰ সহযোগত জনপ্ৰতীনিধিয়ে লিপ্ত হৈছে ব্যাপক দুৰ্নীতি অনিয়মত। এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়মৰ তথ্য পোহৰলৈ আহিছে দৰঙৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত। তথাপিও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। অভিযোগ অনুযায়ী দলগাঁও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ আৰিমাৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।

গাওঁ পঞ্চায়তখনত চলি থকা এমজিএনৰেগা, চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আঁচনিৰ নামত দুৰ্নীতিৰ সংঘটিত হোৱাৰ অভিযোগ। জানিব পৰা মতে আৰিমাৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত “এগ্ৰিবান্ধ ফ্ৰম লাল বাহাদুৰ হাউছ টু নং4 আৰিমাৰী মক্তবলৈ” যোৱা পথৰ কামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ২০২০-২১ বৰ্ষৰ এমজিএনৰেগা আঁচনিত উক্ত পথটোৰ নিৰ্মানৰ নামত বিভাগীয় কৰ্তৃপক্ষই ৮ লাখ ৫৩ হাজাৰতকৈ অধিক ধন আৱণ্টন দিয়ে যদিও গাঁও পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ একাংশ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ সহযোগত নাম মাত্ৰ কাম কৰি অধিকাংশ ধন আত্মসাৎ কৰে।

আনহাতে গাঁও পঞ্চায়তখনৰ কাৰ্যালয়ৰ গেট নিৰ্মাণৰ নামত ২০১৬-১৭ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আচনিৰ যোগেদি ২ লাখ টকা আৱণ্টন দিয়ে যদিও উক্ত কামতো নিম্নমানৰ চিমেন্ট,বালি,ৰডেৰে নিৰ্মাণ কৰাৰ বাবে নিৰ্মাণৰ কিছুদিন পিচতেই ফাট মেলিছে।আৰিমাৰী গাঁও পঞ্চায়তৰ চাৰিবেৰ নিৰ্মাণৰ নামতো একেই দুৰ্নীতি। আৰিমাৰী গাঁও পঞ্চায়তৰ চাৰিবেৰ নিৰ্মাণৰ নামতো একেই দুৰ্নীতি। বিভাগীয় কৰ্তৃপক্ষই আৰিমাৰী গাঁও পঞ্চায়তৰ চাৰিবেৰ নিৰ্মাণৰ

বাবত ২০১৯-২০ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আচনিৰ দ্বিতীয় কিস্তিৰ ৩ লাখ ৮০ হাজাৰ টকা আৱণ্টন দিয়ে। উক্ত কামতো একেই দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত হৈছে। একাংশ জনপ্ৰতিনিধিয়ে গাঁও পঞ্চায়তৰ সদস্য সচিব জি আৰ এছ আৰু এগ্ৰীকেটেড ইঞ্জিনীয়াৰৰ(এ,ই) সহযোগত নামমাত্ৰ কাম কৰি অধিকাংশ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। তাৎপৰ্যপূৰ্ণ কথা হ’ল একোটা বিলত চহী কৰিবলৈ পঞ্চায়তৰ কৰ্মচাৰীৰ পৰা আদি কৰি

খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ একাংশ বিষয়ববীয়াক পৰ্যন্ত দিব লাগে ধন। যাৰ ফলত গাঁও পঞ্চায়তখনৰ প্ৰতিটো আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতিৰ। একাংশ দুৰ্নীতি গ্ৰস্থ কৰ্মচাৰীৰ বাবেই ব্যাপক দুৰ্নীতিত পুত গৈছে গাঁও পঞ্চায়তখন। সমাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰিমাৰি গাঁও পঞ্চায়তত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আইনুদ্দীন আহমেদে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: