অসম

দলগাঁও সমষ্টিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

ভোটপুখুৰীৰ এখন পথে যমৰ-যাতনা ভুগাইছে গাঁওবাসী

সংবাদদাতা, খাৰুপেটীয়া : স্বাধীনতাৰ ৭৪ বছৰৰ পাছতো নিৰ্মাণ নহ’ল এখন পথ। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী তথা দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা প্ৰয়াত চৈয়দা আনোৱাৰা টাইমূৰে প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ এখন পথ আজিও জৰাজীৰ্ণ অৱস্থাত আছে। দৰঙৰ দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটপুখুৰী গাঁৱৰ উক্ত পথচোৱাই উদঙাই দিছে উন্নয়নৰ ফোঁপোলা স্বৰূপ। খাৰুপেটীয়াৰ পৰা ভকতপাৰা সংযোগী

পথৰ দুৰৱস্থাৰ বাবে যমৰ-যাতনা ভুগিছে গাঁওবাসী। পথটোৰ মাজে মাজে পুখুৰী সদৃশ গাঁত। অলপ বৰষুণ হ’লেই পথত জমা হয় পানী। দৈনিক বিদ্যালয় মহাবিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰীৰ একমাত্ৰ যাতায়তৰ পথ। কৃষি প্ৰধান অঞ্চলটোৰ কৃষক সকলে দৰঙৰ বৃহৎ বালুগাও বজাৰত উৎপাদিত শাক পাচলি সমূহ বিক্ৰী কৰিবলৈ যাতায়ত কৰাত তীব্ৰ বাধাৰ সন্মুখীন হৈ আহিছে। উল্লেখযোগ্য যে গাওঁ খনৰ পশ্চিম ভোটপুখুৰী প্ৰাথমিক বিদ্যালয়লৈ কণকণ ছাত্ৰ-ছাত্ৰীসকলে অহা কৰিবলৈ কেতিয়াবা ভৰি পিছলি

বোকাত পৰি যায়। পিচলি পৰি হাত ভৰিত আঘাত পোৱাৰো উদাহৰণ আছে। বিগত ১৫ বছৰ দলগাওঁ বিধান সভা সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যকাল অতিবাহিত কৰা প্ৰাক্তন বিধায়ক ইলিয়াছ আলীক বহু কাকতি মিনতি কৰিও সুফল নাপালে গাঁওবাসীয়ে। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে পথচাৰী সকলে অহা যোৱা কৰা পথচোৱা মেৰামতি কৰিবলৈ দলগাঁও সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মজিবুৰ ৰহমানৰ ওচৰত কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: