অসম

দলগাঁৱত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ

৭ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত এটা উপ স্বাস্থ্য কেন্দ্ৰ

সংবাদদাতা, খাৰুপেটীয়া : অসম চৰকাৰৰ স্বাস্থ্য বিভাগে আমোল পৰিৱৰ্তনৰ ঢাক-ঢোল বজালেও ইয়াৰ এক বিপৰীত ছবি পৰিলক্ষিত হৈছে দৰঙৰ দলগাঁও সমষ্টিত। সমষ্টিটোত দেখা গৈছে স্বাস্থ্য বিভাগটোৰ পয়ালগা ছবি। নিৰ্মাণ কৰা সৰহ সংখ্যক উপ স্বাস্থ্য কেন্দ্ৰ পৰিণত হৈছে ভুত বাংলাত। তাৰে এক জীয়া ছবি দলগাঁও সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়াৰ নিকটৱৰ্তী মণ্ডলপাৰা উপ স্বাস্থ্য কেন্দ্ৰটো। উল্লেখযোগ্য যে ২০১৪ চনত  সমষ্টিটোৰ সদ্য বিদায়ী প্ৰাক্তন বিধায়ক ইলিয়াছ আলীয়ে খাৰুপেটীয়া

খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ মণ্ডলপাৰা উপ স্বাস্থ্য কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে আৰু নিৰ্মাণ কাৰ্যও সমাপ্ত হয়। আজিৰ পৰা প্ৰায় সাত বছৰ পূৰ্বে নিৰ্মাণ কাৰ্য সমাপ্ত কৰি চুন ৰং সানি দায়িত্ব সামৰে স্বাস্থ্য বিভাগটোৱে। আশ্চৰ্য্যজনকভাবে  আজিলৈকে  উপ-স্বাস্থ্য কেন্দ্ৰটো  মুকলি কৰা নহ’ল ৰাইজৰ বাবে। ফলত দুৰ্ভোগ ভুগীব লগীয়া হৈছে অঞ্চলটোৰ ৰোগী সকলে। ২০১৪ চনত উপস্বাস্থ্য কেন্দ্ৰটো  স্থাপন কৰাৰ পিছৰ পৰাই আছে  পৰিত্যাক্ত অৱস্থাত। মাথোঁ এয়াই নহয় 

লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰটোৰ খবৰ ল’বলৈ আহৰি নাই বিয়াগোম বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ । যাৰ বাবে ভূত বাংলাত পৰিণত হৈছে খাৰুপেটীয়াৰ নিকটৱৰ্তী মণ্ডপাৰা গাঁৱৰ  উপস্বাস্থ্য কেন্দ্ৰটো। বিগত ৭  বছৰে প্ৰাক্তন বিধায়ক ইলিয়াছ আলীয়ে মুকলি নকৰা উপ স্বাস্থ্য কেন্দ্ৰটোত  চিকিৎসক-নাৰ্ছ নিযুক্তি দি চিকিৎসা সেৱা উপলব্ধ কৰাৰ বাবে স্থানীয় লোকে দাবী জনাইছে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ লগতে দলগাঁও সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মজিবৰ ৰহমানক।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: