অসম

দলগাঁৱৰ টাংনি নৈত অবাধ বালিখনন

সংবাদদাতা, দলগাঁও:- দৰঙৰ দলগাঁও আঞ্চলিক বনাঞ্চল কাৰ্যালয়ৰ অন্তৰ্গত টাংনি বোৱঁতী নৈৰ বুকুৰ পৰা দৈনিক একাংশ অসাধু চক্ৰই বালি খনন কাৰ্য অব্যাহত ৰাখিছে, যাৰ ফলত গৰাখহনীয়াৰ কৱলত পৰিছে নদীখনৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহ। নৈৰ বুকুত বিলীন হৈছে ৰাইজৰ শ শ বিঘা ভূমি। একাংশ অসাধু চক্ৰই দিনে নিশাই নদী খনৰ পৰা ট্ৰেক্টৰ, জে চি বি লগাই বালি খনন কৰি আহিছে। বন বিভাগৰ চকুত ধূলি দি চলাই আহিছে এই অবৈধ বালি খননৰ ৰমৰমীয়া বেহা নে বিভাগটোৱে দেখিও নেদেখাৰ ভাও জুৰি কুম্ভকৰ্ণ নিদ্ৰাত আছে সেয়া সন্দেহৰ আৱৰ্তত। মাথোঁ সেয়াই নহয়, দৰং জিলাৰ বিভিন্ন স্থানত সম্প্ৰতি মাটি কঢ়িওৱা ট্ৰাক, ডাম্পাৰ আৰু ট্ৰেক্টৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। অত্যধিক বুজাৰে গড়কপ্তানী পথ সমূহত তীব্ৰ বেগীৰে অহা-যোৱা কৰা গাড়ীসমূহে পথ বিধ্বস্ত কৰাৰ লগতে পদে পদে দুৰ্ঘটনাৰ আশংকা ঘণীভূত কৰিছে। বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰাৰ সময়তো এই দৌৰাত্ম্য চলোৱা মাটি কঢ়িওৱা ট্ৰাক, ডাম্পাৰসমূহ চিন্তাৰ কাৰক হৈ পৰিছে। বিভিন্ন পক্ষক মেনেজ কৰি ব্যক্তিগত লাভালাভৰ অংকত ৰাজপথত সন্ত্ৰাস চলোৱা গাড়ী সমূহ আৰু নৈৰ পৰা অবৈধভাৱে দিনে-নিশাই বালি খনন কৰি অহা দুষ্ট চক্ৰৰ বিৰুদ্ধে অভিযোগ দিলেও কোনো বিভাগেই কৰ্ণপাত নকৰাৰ অভিযোগ উঠিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: