অসম

দহদিন উকলিলঃ নগাবাটৰ পানীখেতিত আজিও কাৰ্যক্ষম হৈ নুঠিল বিকল ট্ৰেন্সফৰ্মাৰ

ৰাইজৰ দুৰ্ভোগঃ নিৰ্বিকাৰ ভূমিকা তিতাবৰ বিদ্যুৎ উপ সংমণ্ডলৰ

সংবাদদাতা, বৰহোলা:- অসম-নাগালেণ্ড সীমান্তৱৰ্তী তিতাবৰ মহকুমাৰ অন্তৰ্গত নগাবাট পানীখেতি সংযোগী পথৰ ট্ৰেন্সফৰ্মাৰটো বিকল হোৱা দহদিন উকলিল যদিও মেৰামতিৰ বাবে আজিপৰ্যন্ত গা নলৰিল তিতাবৰ বিদ্যুৎ উপ সংমণ্ডলৰ। সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ এসপ্তাহ পিছতো ৰাইজৰ সমস্যাৰ সন্দৰ্ভত চৰকাৰ-প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ উদাসীনতা পৰিলক্ষিত হ’ল।

স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বাৰম্বাৰ যোগাযোগ কৰা সত্বেও বিকল ট্ৰেন্সফৰ্মাৰটো মেৰামতিৰ বাবে কোনো গুৰুত্ব আৰোপ নকৰিলে সংশ্লিষ্ট বিভাগটোৱে। বৰঞ্চ ৰাইজৰ প্ৰতিনিধিৰ সন্মুখত কৰ্মচাৰীৰ অভাৱ, অনাদায় বিল আদিৰ অজুহাত দেখুৱাই স্থানীয় বিধায়কৰ লগতহে যোগাযোগ কৰিবলৈ কৈ গা এৰা মন্তব্য দিলে তিতাবৰ বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰীয়ে। অৱশ্যে দুদিন পূৰ্বে দুজনমান বিদ্যুৎ কৰ্মচাৰী আহি বিকল ট্ৰেন্সফৰ্মাৰটো

পৰ্যবেক্ষণ কৰাৰ পিছত কাৰ্যক্ষম কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে। তেওঁলোকৰ মতে ট্ৰেন্সফৰ্মাৰটো ভালদৰে পৰীক্ষণ কৰাৰ প্ৰয়োজন আছে যদিও তেওঁলোকে অপাৰগ। সেয়েহে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে কৰ্মচাৰীসকলে জনোৱাৰ পিছতো বিভাগে বিষয়টো কিয় গুৰুত্ব দিয়া নাই? ট্ৰেন্সফৰ্মাৰটো ঠিক কৰিব পৰা যোগ্যতা থকা দক্ষ কৰ্মচাৰী কিয় নপঠায়? যদি অনাদায় বিদ্যুতৰ বাবে ট্ৰেন্সফৰ্মাৰটো ঠিক কৰা নাই তেন্তে বিল আদায় দিয়া গ্ৰাহকসকলে কিয় শাস্তি ভুগিবলগা হৈছে?

লগতে ভুক্তভোগী গ্ৰাহক ৰাইজে এইবুলিও অভিযোগ কৰে যে বিভাগে অনাদায় বিলৰ যিখন তালিকা প্ৰস্তুত কৰিছে সেইখনো বিসংগতিপূৰ্ণ। যিখনত বৰহোলা, বেকাজান, কাকডোঙা শিলডুবি, অন্নপূৰ্ণা, মুক্তিনগৰ আদি ভিন্ন প্ৰান্তৰ লোকৰ নামো সন্নিবিষ্ট আছে। গতিকে ভুক্তভোগী ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অতিশীঘ্ৰে বিকল ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰি ৰাইজৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে।অন্যথা অনাগত সময়ত কৰ্তৃপক্ষৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে অঞ্চলটোৰ বিদ্যুৎ বঞ্চিত ৰাইজে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: