অসম

দুইটা কিডনী বিকল স্বামীক সুস্থ কৰি তুলিবৰ বাবে অসম বাসীলৈ সহায়ৰ হাত দৰিদ্ৰ পত্নীৰ

সংবাদদাতা, পুৰণিগুদাম:- এগৰাকী নিঃসহায় মহিলা! অকণমান সহায়ৰ হাত আগবঢ়াব বুলি আশাৰে কাষ চাপিছে নগাঁও জিলাৰ পুৰণিগুদামৰ পদপথৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ী ওচৰত। মহিলা গৰাকীয়ে কিন্তু সহায় বিচাৰি নিতৌ নাহে ব্যৱসায়ী সকলৰ ওচৰলৈ। আজি তেওঁ নিৰুপাই, কাৰণ স্বামী জটিল ৰোগত আক্রান্ত হৈ শৰ্য্যগত গুৱাহাটীৰ এখন চিকিৎসালয়ত।

স্বামী সুস্থ হ’বৰ বাবে মহিলা গৰাকীক প্ৰয়োজন যথেষ্ট অৰ্থৰ। মহিলা গৰাকীৰ স্বামী পুৰণিগুদামৰ ৰংদাই চুকৰ অবণি ভূঞা, পেচাত এজন ৰাজমিস্ত্ৰীৰ যোগালি। কিন্তু কথাতে কয় নহয়, দুখীয়াৰ দুখ বোলে কেতিয়াও নোগুচে। দুয়োটা বিক্কই বিকল হৈ পৰিল অবণী ভূঞাৰ। যাৰ বাবে দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকৰ্তা অবণিয়ে  বিগত বহু কেইমাহমান

ধৰি কটাব লগীয়া হৈছে চিকিৎসালয়ৰ বিচনাত। এটি পাঁচ বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ অবণি সুস্থ হৈ উঠিবৰ বাবে কৰাব লাগিব ব্যয়বহুল অস্তোপ্ৰচাৰ, প্ৰয়োজন কেইবা লাখ টকাৰ। যাৰ বাবে ৰোগাগ্ৰস্ত অবণিৰ পত্নীয়ে উপায়হীন হৈ কাষ চাপিছে পুৰণিগুদামৰ ব্যৱসায়ী সকলৰ ওচৰ। অৱশ্যে ক্ষুদ্ৰ ব্যৱসায়ী সকলেও হাত উজাৰি পাৰ্য্যমানে অৰ্থদান কৰিছে যদিও সেইয়া পৰ্য্যাপ্ত নহয়।

গতিকে নিঃসহায় মহিলা গৰাকীয়ে দল-সংগঠন তথা সুহৃদয় জনক সাধ্য অনুসাৰে অৰ্থদান কৰি নিজ স্বামীক এক নতুন জীৱন দান দিবৰ বাবে কাতৰ আহ্বান জনাইছে সংবাদ মাধ্যমৰ জৰিয়তে। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়েও দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ আশা-ভৰষাৰ স্থল অবণি ভূঞাক সুস্থ কৰি তোলাত সহায় কৰিব বুলি আশাৰে বাট চাই ৰৈছে নিঃসহায় মহিলা গৰাকীয়ে।

উল্লেখ্য যে, যদি কোনো ইচ্ছুক দয়ালু লোকে যদি ৰোগাক্ৰান্ত  অবণি ভূঞাক সহায় কৰিব বিচাৰে তেন্তে তেওঁ পত্নী দীপ্তি বৰা ভূঞাৰ নামত অসম গ্ৰামীন বিকাশ বেংক চলচলি শাখাত থকা PUNB0RRBAGB নম্বৰৰ IFSC Code সম্বলিত 7239010040530 নম্বৰ একাউণ্টত আগবঢ়াব পাৰিব অৰ্থ সাহাৰ্য্য। আপোনাৰ কিঞ্চিত সঁহাৰিয়ে জীৱন দান দিব পাৰিব নি:কৃণজনৰ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: