দুখৰ কবিতা | Super 100

(দুখৰ কবিতা) লিখিত সাহিত্যৰ পৰম্পৰাতকৈ মৌখিক সাহিত্য আগত সৃষ্ট। ঠিক সেইদৰে গদ্যতকৈ পদ্য আগত সৃষ্টি হোৱা। অসমীয়া কাব্য সাহিত্যৰ এক গৰিমাময় ইতিহাস আছে। অসমীয়া কবিতাৰ প্ৰাচীনতম বীজ লোকগীতসমূহৰ মাজতেই  বিচাৰি পোৱা যায়। কিয়নো সাধাৰণ অনাখৰী লোকৰ দ্বাৰা সৃষ্টি হোৱা এই লোকগীতসমূহৰ মাজত কবিতাৰ আংগিক কিছুমানো পোৱা যায়। অসমৰ লোকসাহিত্যৰ গীতিময় কাব্যিক ঐতিহ্যৰ পৰা পৰিৱৰ্তন আৰু ৰূপান্তৰৰ মাজেদি হাজাৰ বছৰীয়া পৰিক্ৰমা অতিক্ৰমি অসমীয়া কবিতাই সাম্প্ৰতিক কালত এক বিশিষ্ট ৰূপ লাভ কৰিছে।
স্বাৰ্থপৰ

 আপুনি যে ইমান শোকাভিভূত হৈ পৰিছে,
 আপুনি বাৰু স্বাৰ্থপৰ নেকি ?
 কাৰণ, যদিহে আপুনি স্বাৰ্থপৰ নহয়,
 আপুনি বছৰবোৰ চকুপানীৰেই পাৰ কৰিলেহেঁতেন ৷
 আপুনি জানেই এই পৃথিৱীখনে এটি
 দুখৰ গান গায়, অবিৰতভাবে,
 ক’ৰবাত আৰু বোধহয় সকলোতে,
 আৰু চিৰকাল, কেতিয়াও ভাগৰি নপৰাকৈ,
 আৰু সেই গানে  বুকুৰ ক্ষতবোৰৰ পৰা
 চকুপানীৰ টোপালবোৰ কাটি কাটি বোৱাই আনে ৷ 
 আৰু যদিহে আপোনাৰো এখন হৃদয় আছিল,
 আপোনাৰো চকুপানীবোৰ বৈ আহিলহেঁতেন সেই 
 সীমাহীন উত্তপ্ত মৰুভূমিৰ  শুকান বালিৰ বুকুলৈ,
 য’ত নগ্ন পৃথিৱীখনে বাস কৰে ৷
 গতিকে, যদিহে আপুনি স্বাৰ্থপৰ নহয়, আপোনাৰ বুকুত
 আজি এটুপিও চকুপানী বাকী নাথাকিলহেঁতেন,
 আৰু আপুনি মাত্ৰ বিদ্ৰূপেৰে হাঁহিলেহেঁতেন 
 পৃথিৱীৰ নিৰন্তৰ কৌতুক আৰু ছলনাময়ী দৃশ্যবোৰক ৷

 ✍ যশোৱন্ত নিপুণ 
এটোপাল তেজ

 চকুলো দিব পাৰো 
 মই  তোমাৰ দুখক
 মনলৈ আহিব সাহস।
 তেজৰ কথা নুসুধিবা
 তেজৰঙা বাটত
 যোগাৰ নহয় কেতিয়াবা
 তেজ  এটোপাল
 নিজৰ বাবেই!
 সময়ৰো আজি  এনিমিয়া
 সেয়ে সুৰুঙা পালেই
 সোমাই   যাওঁ
 সেই বাটত
 মহৰ দৰেই
 এটোপাল তেজৰ বাবেই!

 ✍ ড০ দীপমণি দাস
 বৰপেটাৰোড
এটি সপোনৰ পিছত মই

 নতুন দিনৰ সূৰুযে মোলৈ চাই হাঁহিলে
 পাহাৰৰ সৌ সেউজীয়াবোৰত
  মোৰ হিয়াখনে প্ৰাণ পাই উঠিল
 মই হেৰাই গ'লো সেই সৌম্যতাত
 মোৰ আত্মাই উশাহ ল'বলৈ ধৰিলে
 শুভ্ৰ ডাৱৰবোৰ লাহে লাহে গতি কৰিলে
 বতাহো তেতিয়া শান্ত
 মই সময়বোৰ আজুৰি আজুৰি ৰাখিব খুজিলোঁ
 মোৰ কলিজাখন সুস্থ হ'বলৈ ধৰিলে
 মোৰ পাখি মেলি দিলোঁ দুৰৰ নীলা আকাশলৈ
 এটি হালধীয়া চৰাই হৈ মোৰ আত্মা উৰিবলৈ ধৰিলে
 দুৰ দিগন্তলৈ য'ত কেতিয়াবা হয়তো আছিল দুখ শোকৰ অৱস্থিতি 
 মোক আকৌ স্মৃতিবোৰে আমনি কৰিলে
 মই ঘুৰি আহিবলৈ ব্যাকুল হ'লো
 মোৰ আকুলতাই হাত ধৰি বাট দেখুৱাই দিলে
 মই জীৱন কি বুজি পালো
 বুজি পালো গুৰুত্ব এই মাটি, পানী আৰু বতাহৰ
 বুজিলো জীৱনৰ সুখৰ সংজ্ঞা।

 ✍ মৌচুমী হাজৰিকা
 তেজপুৰ
মাথোঁ প্ৰশ্নবোধক

মেঘাচ্ছন্ন আকাশৰ বুকুত 
অজস্ৰ প্ৰশ্নবোধক....
মাথোঁ প্ৰশ্নবোধক...
প্ৰশ্নবোধক জীৱনলৈ...।ভাটিয়ালী বেলিৰ সেন্দুৰীয়া ৰং
ডাৱৰে ঢাকি ক'লা কৰে।
আকাশে আশাপালি ৰয়...
পুনৰ শুকুলা হ'ব এই বুকু আৰু
সেন্দুৰীয়া হৈ ওলাব ভাটিয়ালী বেলিৰ ৰং।

✍লক্ষীমি বৰা
মৌন অশ্ৰু

 উমি উমি জ্বলা
 বহ্নিৰ প্ৰকোপ বেছি ..
 অদৃশ্য অনলৰ
 আগ্নেয়তাতো আৰু তীব্ৰ..
 তাৰ অগ্নিভ শিখাই
 চিত্তৰ পৰিধি নেওচি, 
 গভীৰভাৱে শিপাই যায়
 স্পন্দনময় পঁজাৰ
 কোমল বেৰত ..
 তাত শীতলতাক সিঁচা
 জানো উজু ?
 প্ৰথম কুঁহিপাত মেলোতে
 আৰম্ভ হোৱা
 এটি বৰ্ণিল যাত্ৰা, 
 উশাহ নিশাহ লোৱা এটি পথ..
 সেই পথটোত
 অকলশৰীয়া পথিকৰ সৈতে,
 যাত্ৰাৰ সংগী
 অলেখ অযুত পোৱা যায় ..
 কিন্তু সেই পথত, 
 কেৱল পথিকজনৰ বাবে
 পদাংক অৰ্পণ কৰিব বিচৰা জন, 
 পাবলৈ কঠিন…!
 অলপ, অলপকৈ গৈ গৈ
 বহুখিনিলৈ পৰিণত হয়… 
 লাগিলে সেয়া, 
 সুখেই হওক বা দুখেই হওক ..
 তথাপিও উশাহত
 প্ৰশান্তি নাথাকে কিয়..? 
 আশাৰ পদূলিয়ে
 হেঁপাহৰ জিৰণিলৈ
 ঘনে ঘনে বাট চাই থাকে ..
 আকুল উশাহৰ বিননিও 
 নয়ন পৃষ্ঠই ভালদৰেই বুজি পায় ..
 যাৰ সৰু সৰু টোপালবোৰৰ
 লোণসিক্ত ফুলবোৰ, 
 অধৰে নিজৰ বুকুত
 সজাই থয় নিৰৱে ..
 তেজিবও যে নোৱাৰি
 বিষাক্ত অনুভূতিবোৰক 
 যাৰ মৃদু আঘাতে
 জোকাৰি যায়হি বুকু 
 নিঃশব্দ অশ্ৰুৰ 
 বোঁৱতী নৈখনৰ
 জলধাৰাৰ গতিবেগ কিমান
 কেৱল দুনয়নেহে জানে….

✍ সংগীতা ডেকা
ৰঙিয়া
অপমৃত্যু

 হঠাৎ এজাক বা-মাৰলি আহিল
 আবতৰত-অসময়ত আজি
 সদম্ভে যুগ যুগ ধৰি
 মূৰ তুলি থিয় হৈ থকা
 এটি ইতিহাসৰ যৱনিকা পৰিল,
 বুকুৱে বুকুৱে মিঠা আবেগ হৈ ৰোৱা
 অনুভূতি বোৰ ক্ষন্তেকতে স্থবিৰ হৈ ৰ'ল
 সচাই নে বাৰু…
 গুণগুণনিয়ে বতাহৰ লগত ফেৰ মাৰি
 হৃদয়ে হৃদয়ে গুমৰি থকা প্ৰতিবাদী ভাষাবোৰ
 অপ্ৰতিৰোধ্য হৈ আগবাঢ়ি গ'ল
 কত যতনেৰে গঢ়া জীৱনটোৰ
 খলা -বমা  অমানিশা নেওচি
  থিয় হৈ ৰোৱা… 
 সুশীতল মৰমৰ ছায়া দি
 আবৰি থকা সত্বা যে আজি ভূলুণ্ঠিত
 অৱধাৰিত কালৰ এয়ে নেকি লীলা
 তথাপি সামৰিব নোৱাৰি বিচ্ছেদৰ বেথা।

 ✍মঞ্জু ৰাণী দেৱী

নাৰী বিষয়ক কবিতা

E-Paper

Back to top button
%d bloggers like this: