অসম

দুদিন ধৰি সন্ধানহীন হৈ থকা ডিব্ৰুগড়ৰ আয়ুষ্মানৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ৰ কলৌলোৱা চাপৰিত উদ্ধাৰ যোৱা দুদিন ধৰি সন্ধানহীন হৈ থকা আয়ুষ্মান দুৱৰাৰ মৃতদেহ। মাছমৰীয়াই কলৌলোৱা দেউৰীগাঁও চাপৰিত প্ৰত্যক্ষ কৰে মৃতদেহটো। চাইকেল চলাবলৈ গৈ বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল আয়ুষ্মান।

ডিব্ৰুগড়ৰ চৌকিডিঙী ৰূপলাল দত্ত পথত ঘৰ আয়ুষ্মানৰ। ঘৰৰ পৰা ২২ কিলোমিটাৰ দূৰত খামটিঘাটৰ দলঙৰ সমীপত উদ্ধাৰ হৈছিল ১২ বছৰীয়া কিশোৰটিৰ চাইকেল। সমগ্ৰ ঘটনা এতিয়া সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: