অসম

দুধনৈত গতি নিৰ্ধাৰক ক্ৰীড়াবিধিৰ অধীনত প্ৰীতি ফুটবল খেল

সংবাদদাতা, দুধনৈ:- “Pace setting activity” অৰ্থাৎ গতি নিৰ্ধাৰক ক্ৰীড়াবিধিৰ অধীনত আৰু দুধনৈ জৱাহৰ নবোদয় বিদ্যালয়ৰ উদ্যোগত দুধনৈ নৱোদয় বিদ্যালয়ৰ খেলপথাৰত এখন বন্ধুত্বপূৰ্ণ ফুটবল খেল অনুষ্ঠিত হয়। প্ৰতি বছৰে গতি নিৰ্ধাৰক ক্ৰীড়াবিধিৰ অধীনত ওচৰৰ বিদ্যালয় সমূহৰ লগত বিভিন্ন খেলৰ লগতে সাংস্কৃতিক বিনিময় আৰু ভাৱ বিনিময়ৰ জৰিয়তে সুসম্পৰ্ক ৰক্ষা কৰা হয়। এই প্ৰচেষ্টাৰ জৰিয়তে বিদ্যালয় সমূহৰ মাজত বন্ধুত্বমূলক সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াস কৰা হয়। বিগত সময় চোৱাত ক’ভিদৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰা নাছিল। এইবেলিও ক’ভিডৰ বাবে মাত্ৰ দুখন বিদ্যালয় ক্ৰমে দুধনৈ জৱাহৰ নবোদয় বিদ্যালয় আৰু কৃষ্ণাই চেইণ্ট জেভিয়াৰ্চ বিদ্যালয়ৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। প্ৰীতি ফুটবল খেলখন উদ্বোধন কৰে দুধনৈ সমষ্টিৰ বিধাযক যাদব স্বৰ্গীয়াৰীয়ে। তীব্ৰ প্ৰতিদন্দিতা মুলক খেলখন নিৰ্ধাৰিত সময়ত দ্ৰ’ হোৱাত ট্ৰাইব্ৰেকাৰ পদ্ধতিৰ সহায় লোৱা হয়। অৱশেষত দুধনৈ জৱাহৰ নৱোদয় বিদ্যালয়ে কৃষ্ণাই চেইণ্ট জেভিয়াৰ্চ বিদ্যালয়ক ৬-৫ গ’লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: