অসম

দুধনৈত চেম্পিয়নচ্‌ ট্ৰফী ক্ৰিকেট টুৰ্ণামেন্টৰ সামৰণি; এভাৰগ্ৰীণ ধুপধৰালৈ চেম্পিয়নৰ খিতাপ

সংবাদদাতা, দুধনৈ:- দুধনৈ “ক্লাব ফৰ্টি”ৰ উদ্যোগত আৰু ৰাভা হাছং পৰিষদৰ বিত্তীয় সাহায্য তথা সহযোগিতাত যোৱা ৬ জানুৱাৰীৰ পৰা দুধনৈ উদয়পুৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হোৱা দ্বিতীয় বাৰ্ষিক “দুধনৈ চেম্পিয়নচ্‌ ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্ট”ৰ আজি সামৰণি পৰে। আজি অনুষ্ঠিত হোৱা চুড়ান্ত খেলখনত এভাৰগ্ৰীণ ধুপধৰা দলে এভাৰগ্ৰীণ গোৱালপাৰা দলক ৪ উইকেটত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰে। এভাৰগ্ৰীণ ধুপধৰা দলে টছত জিকি এভাৰগ্ৰীণ গোৱালপাৰা দলক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। এভাৰগ্ৰীণ গোৱালপাৰা দলে সম্পূৰ্ণ ৩০ অভাৰ খেলি ৭টা উইকেট হেৰুৱাই ১৮৬ ৰাণ কৰে। গোৱালপাৰা দলৰ ধ্ৰুৱজ্যোতি দাসে ৬৮ ৰাণ, বিশাল মগৰে ৪৫ ৰাণ কৰে। আনহাতে দ্বিতীয় হাফত এভাৰগ্ৰীণ ধুপধৰা দলে ২৭.৩ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৮৯ ৰাণ কৰি গোৱালপাৰা দলক ৪ উইকেটত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰে। তীব্ৰ উত্তেজনাপূৰ্ণ চুড়ান্ত খেলখনত এভাৰগ্ৰীণ ধুপধৰা দলৰ পাৰভেজ আজিজে মাৰমুখী বেটিঙেৰে ৫৭টা বলত ৭০ ৰাণ, অনুপ কুমাৰে ২২টা বলত ৪৫ ৰাণ, আৰু অনুপ কুমাৰ বৰ্মণে তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি দলৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে। আজিৰ খেলত মেন অব্ দা মেটচ্‌ নিৰ্বাচিত হয় এভাৰগ্ৰীণ ধুপধৰা দলৰ পাৰভেজ আজিজ আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে এভাৰগ্ৰীণ গোৱালপাৰা দলৰ ধ্ৰুৱজ্যোতি দাসে। প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা উপস্থিত থাকি বিজয়ী দলক ট্ৰফীসহ ৫০ হেজাৰ টকা, আৰু ৰাণাৰ্চ আপ দলক ট্ৰফীসহ ৩৫ হেজাৰ টকা প্ৰদান কৰে। বঁটা বিতৰণী সভাত ৰাভাহাছং চিফৰ উপৰিও পৰিষদৰ কাৰ্যবাহী সদস্য, আৰছুৰ সভাপতি নৃপেন খান্দা, দুধনৈ ক্লাব ফৰ্টিৰ সভাপতি মহিবুল হক (মুন) আৰু বহু সংখ্যক খেলপ্ৰেমী দৰ্শক উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button