অসম

দুধনৈত দুদিনীয়াকৈ “গোৱালপাৰা ফটোগ্ৰাফিক চ’চাইটি (জিপিএছ)ৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন আৰু প্ৰদৰ্শনী আৰম্ভ

সংবাদদাতা, দুধনৈ:- আজিৰে পৰা দুধনৈত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে স্থিৰচিত্ৰ প্ৰদৰ্শনী (ডামল ২.০)। গোৱালপাৰা ফটোগ্ৰাফিক চ’চাইটি চমুকৈ “জিপিএছ”ৰ উদ্যোগত আৰম্ভ হোৱা প্ৰদৰ্শনীখন উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই। সমাজৰ বিভিন্ন দিশৰ বাৰ্তা বহন কৰা কেমেৰা আৰু মোবাইলেৰে তোলা প্ৰায় ১০০খন নিৰ্বাচিত ছবি প্ৰদৰ্শনী খনত প্ৰদৰ্শন কৰা হৈছে। উদ্বোধক টংকেশ্বৰ ৰাভাই প্ৰদৰ্শিত প্ৰতিখন ফটোৱে উন্নত মানদণ্ডৰ কলাসন্মত ছবি বুলি কোৱাৰ লগতে পুনৰ কয় যে প্ৰতিখন ছবিৰ নেপথ্যত আছে একোটা মননশীল বিষয়বস্তু। সুক্ষ্ম চিন্তাধাৰা। ছাঁ-পোহৰৰ মায়াজালত প্ৰতিখন ছবি মনোগ্ৰাহী হৈ উঠিছে। জিপিএছ ৰ এয়া এক সুন্দৰ প্ৰয়াস, সুন্দৰ প্ৰচেষ্টা। ভবিষ্যতৰ দিনত বিশ্বৰ বুকুত জিপিএছৰ ছবিয়ে গৌৰৱোজ্জ্বল ইতিহাস সৃষ্টি কৰিব বুলিও মুখ্য কাৰ্যবাহী গৰাকীয়ে আশা প্ৰকাশ কৰে। আজি গোৱালপাৰা ফটোগ্ৰাফিক চ’চাইটিৰ দ্বিতীয় বাৰ্ষিক অধিবেশন উপলক্ষে দুধনৈ জনমন্দিৰ সাংস্কৃতিক ভৱন প্ৰাংগণত ৰাতিপুৱা ১০ বজাত জিপিএছৰ পতাকা উত্তোলন কৰে জিপিএছৰ উপদেষ্টা মানস লোচন দাসে। তাৰ পছতে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি বন্তি প্ৰজ্জ্বলন কৰে ৰাভা হাছং চিফ টংকেশ্বৰ ৰাভাই। উল্লেখ্য যে দুবছৰ আগতে জন্ম গ্ৰহণ কৰা গোৱালপাৰা ফটো গ্ৰাফিক চ’চাইটিৰ মুঠ অনলাইন সদস্যৰ সংখ্যা প্ৰায় ৬৫০০ গৰাকী আছে বুলি জানিবলৈ দিয়ে জিপিএছৰ সভাপতি বেঞ্জামিন কামান আৰু সম্পাদক হিমদীপ্ত কাকতীয়ে। জিপিএছৰ তৰফৰ পৰা প্ৰতিমাহে অসমৰ যিকোনো স্থানৰ পৰা ২০ গৰাকীকৈ ফটোগ্ৰাফাৰক শ্ৰেষ্ঠ ফটোগ্ৰাফাৰ নিৰ্বাচিত কৰা হয়। তাৰ উপৰিও নতুন প্ৰজন্মৰ ফটোগ্ৰাফাৰ সকলক উৎসাহী কৰি তুলিবলৈ অনলাইন জুম এপৰ ওৱেবিনাৰ যোগে ফটোগ্ৰাফীৰ বিষয়ে কৰ্মশালাৰো আয়োজন কৰা হয়। জিপিএছএ বিভিন্ন জনহিতকৰ কামো কৰিছে। হস্তী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে ঘাগ্ৰা পাহাৰত বনৰীয়া হাতীৰ খাদ্য সম্পৰ্কীয় বহু গছ ৰোপণ কৰাৰ উপৰিও জিপিএছৰ সদস্যৰ দ্বাৰা চানডুবিত বিলুপ্তিপ্ৰায় হলৌ বান্দৰ আৱিষ্কাৰ কৰা, সাপৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত কৰা, ইত্যাদি কাম কৰি বিভিন্নজনৰ পৰা প্ৰশংসিত হৈছে। আবেলি অতিথি হিচাপে ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদব স্বৰ্গীয়াৰীয়ে উপস্থিত থাকি ফটোগ্ৰাফী বিষয়ক “ডামল 2.0” নামৰ এখন হাতপুথি উন্মোচন কৰাৰ লগতে উদ্যোক্তা সকলক ভূয়সী প্ৰসংসা কৰে। কাইলৈ সামৰণি পৰিব লগীয়া প্ৰদৰ্শনী স্থলীত অসম তথা ভাৰতবৰ্ষৰ প্ৰখ্যাত ফটোগ্ৰাফাৰ ক্ৰমে বিদ্যাসাগৰ বৰুৱা, শচীন ভৰালী, হিমাংক ডেকা আৰু ৰত্নজিৎ চৌধুৰী উপস্থিত থাকি নবপ্ৰজন্মৰ ফটোগ্ৰাফাৰ সকলক উৎসাহিত কৰিব। বিয়লি প্ৰদৰ্শনীস্থলীত দুধনৈ বিশিষ্ট সমাজসেৱক তথা দুধনৈ ছোৱালী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক প্ৰতুল চক্ৰৱৰ্তী ৰচিত কবিতা পুঠি “মনে বিচৰা পৃথিৱী এইখন নহয়”ৰ শুভ উন্মোচন কৰা হব। আনহাতে সামৰণিৰ দিনটোত কেমেৰা কোম্পানীৰ তৰফৰ পৰা পাঁচ গৰাকী নিৰ্বাচিত ফটোগ্ৰাফাৰক বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হব। সন্ধিয়ালৈ গীত কবিতা আৰু অন্তৰংগ আলাপৰ এটি অনুষ্ঠান হ’ব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: