অসম

দুৰাৰোগ্য ৰোগত আক্ৰান্ত টংলাৰ ২৬ বছৰীয়া এজন যুৱক

চৰকাৰ তথা হৃদয়বান লোকক সহায়ৰ বাবে আহ্বান পৰিয়ালৰ

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ অন্তৰ্গত বৰটংলাৰ দুলাল ধৰ আৰু সন্ধ্যা ধৰৰ পুত্ৰ সুজিত ধৰ (২৬) প্ৰায় ১০ মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান শয্যাগত অৱস্থাত আছে। ঘৈণীৰ অলংকাৰ, গৰু-ছাগলীকে আদি কৰি সকলো সম্পত্তি বিক্ৰী কৰি গুৱাহাটীৰ বি বৰুৱা চিকিৎসালয়ত চিকিৎসা কৰি আছিল যদিও বৰ্তমান আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটোৰ হাতত চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ টকা নাই আৰু বিক্ৰী কৰিবলৈ কোনো সম্পত্তি নাই। যাৰ ফলত চিকিৎসাৰ অভাৱত বৰ্তমান সম্পূৰ্ণৰূপে শয্যাগত অৱস্থাত আছে সুজিত ধৰ। পানেৰীৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ২০ হাজাৰ টকা সাহায্য আগবঢ়াইছিল যদিও এবাৰ চিকিৎসালয়ত যাওঁতেই ২০ হাজাৰৰ ওপৰত খৰচ হয়। অটল অমৃত কাৰ্ড থকাৰ সত্ত্বেও চিকিৎসালয়ত কোনো ধৰণৰ সুবিধা নোপোৱা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ সুজিত ধৰৰ পিতৃ দুলাল ধৰ। ঘৰে ঘৰে গৈ বিদ্যুতৰ কাম কৰা দুলাল ধৰে পত্নী, শয্যাগত সুজিত ধৰ, বোৱাৰী আৰু সুজিতৰ দুই পুত্ৰকে ধৰি ৬ জনীয়া পৰিয়াল চলাই আছে। অৱশেষত পিতৃ দুলাল ধৰে উপায়হীন হৈ চৰকাৰৰ ওচৰত সহায়ৰ হাত বিছাৰিছে। আনফালে সুজিত ধৰ আৰু তেওঁৰ মাতৃয়ে চৰকাৰ আৰু হৃদয়বান লোকক সহায়ৰ বাবে আহ্বান জনায়। সহায় কৰিব বিচৰা সকলে 97063-19964 নম্বৰত ফোন কৰিবলৈ আৰু আনফালে হৃদয়বান লোকক A/C No. 39679262911 IFSC Code SBIN0007118 বেংক একাউণ্টত কিছু পৰিমাণৰ সাহায্যৰে সহায় কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: