সম্পাদকীয়

দুৰ্ঘটনাগ্ৰস্ত MI-17 V5 হেলিকপ্টাৰৰ সৱিশেষ

MI-17 V5, বিশ্বৰ অন্যতম উন্নত হেলিকপ্টাৰৰূপে গণ্য কৰা এই হেলিকপ্টাৰখনৰ মানদণ্ডক লৈ আজি বিশ্বজুৰি বহু প্ৰশ্ন উত্থাপন হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিকে আদি কৰি বহু সংখ্যক VIP-VVIP য়ে ব্যৱহাৰ কৰা MI-17 V5 ৰ সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাৰ আঁৰৰ ৰহস্য কি? যোৱা দুটা সপ্তাহৰ আগত অৰুণাচল প্ৰদেশত কোনো হতাহত হোৱা নাছিল যদিও MI-17 V5 এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছিল, আনহাতে ৪ বছৰৰ আগতে অৰুণাচল প্ৰদেশত বায়ুসেনাৰ এখন MI-17 V5 দুৰ্ঘটনাগ্ৰস্ত হৈ ৫ জনৰ মৃত্যু হৈছিল। আজি যেন তাতোকৈ ভয়াৱহ এটা দুৰ্ঘটনা সংঘটিত হ’ল য’ত সশস্ত্ৰ বাহিনীৰ প্ৰতিৰক্ষা প্ৰধান বিপিন ৰাৱটসহ ১৩ জনৰ MI-17 V5 হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। ইয়াৰ পিছতেই যেন ভাৰতৰ বায়ুসেনাৰ শক্তিক লৈ বহু প্ৰশ্নৰ উত্থাপন হৈছে। কি পৰ্যায়ত আছে বৰ্তমানৰ বায়ুসেনা ?

উল্লেখ্য যে এই MI-17 V5 হেলিকপ্টাৰখন ৰাছিয়াৰ দ্বাৰা নিৰ্মিত এখন টুইন ইঞ্জিনযুক্ত বহুমুখী হেলিকপ্টাৰ, যিখনক পৰিবহণ হেলিকপ্টাৰৰ ভিতৰত শীৰ্ষতেই ৰখা হয়। ইয়াক ৰাছিয়াৰ মিল মস্কো হেলিকপ্টাৰ প্লাণ্ট, কাজান হেলিকপ্টাৰ প্লাণ্ট আৰু উলান-উদে এভিয়েচন প্লাণ্টত প্ৰস্তুত কৰে। MI-17 V5 হেলিকপ্টাৰ হৈছে MI-8 হেলিকপ্টাৰৰ এক উন্নীত সংস্কৰণ। MI-17 V5-এ ওখ উচ্চতা আৰু প্ৰতিকূল পৰিস্থিতিতো ভালদৰে কাম কৰিব পাৰে। বিশেষকৈ শীৰ্ষ উচ্চতাত আৰু উষ্ণ পৰিস্থিতিত ভালদৰে কাম কৰিব পৰাকৈ হেলিকপ্টাৰখন ডিজাইন কৰা হৈছে।

ইয়াক সেনা আৰু অস্ত্ৰ পৰিবহন, অগ্নি সমৰ্থন, গাৰ্ড পেট্ৰ’লিঙৰ বাবে নিয়োজিত কৰিব পাৰি। ইয়াৰ লগতে অনুসন্ধান আৰু উদ্ধাৰ অভিযানতো নিয়োজিত কৰিব পাৰি এই হেলিকপ্টাৰখন। MI-17 V5 হেলিকপ্টাৰক কাৰ্গো পৰিবহনৰ বাবেও ডিজাইন কৰা হৈছে। বিশ্বৰ প্ৰায় ৬০খন দেশে ১২ হাজাৰতকৈও অধিক MI-17 হেলিকপ্টাৰ ব্যৱহাৰ কৰে। এই হেলিকপ্টাৰখনে তিনিজন ক্ৰু সদস্যৰ লগতে সামৰিক বাহিনীৰ ৩৬জন সেনা কঢ়িয়াই নিব পাৰে। অৱশ্যে, ভিভিআইপিৰ বাবে ডিজাইন কৰা বিশেষ হেলিকপ্টাৰখনত সৰ্বাধিক ২০ জনহে উঠিব পাৰে। ইয়াত ৩৬ হাজাৰ কেজিলৈকে বোজা বা সামগ্ৰী পৰিবহন কৰিব পাৰি।

উল্লেখ্য যে, ২০০৮ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৰাছিয়াৰ সৈতে ৮০খন এমআই হেলিকপ্টাৰৰ বাবে ১.৩ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছিল। ২০১১ চনত এমআই হেলিকপ্টাৰৰ বিতৰণ আৰম্ভ হৈছিল আৰু ২০১৩ চনত ৩৬খন এমআই শৃংখলাৰ হেলিকপ্টাৰ ভাৰতে লাভ কৰিছিল। অৱশ্যে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০১২-২০১৩ বৰ্ষত ৭১খন এমআই-17 ভি-5 হেলিকপ্টাৰৰ বাবে নিৰ্দেশ দিছিল। ২০১৮ চনৰ জুলাইত ভাৰতে এমআই-17 ভি-5ৰ অন্তিমখন হেলিকপ্টাৰ লাভ কৰিছিল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: