অসম

দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ল জামুগুৰিহাটৰ পানপুৰ বনাঞ্চল

জামুগুৰিহাটৰ নিকটৱৰ্ত্তী মকুৱাচাপৰিত বসবাস কৰা ১২টা সন্দেহজনক পৰিয়ালক উচ্ছেদৰ প্ৰস্তুতি

সংবাদদাতা, জামুগুৰিহাট:- দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ল শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পানপুৰ বনাঞ্চল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চল আজি অসম চৰকাৰৰ বনবিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত ৰঙা ফিটা কাটি শুভ উন্মোচন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। এই উদ্দেশ্যে পানপুৰঘাটত অনুষ্ঠিত হোৱা এক সভাত অংশগ্ৰহণ কৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়- মই জংঘল ভালপোৱা মানুহ। হাবি-জংঘলৰ লগতে বন্য জীৱ-জন্তুৰ লগত আছে মোৰ এক আত্মিক সম্পৰ্ক। সেয়েহে কাজিৰঙাৰ দক্ষিণ পাৰৰ লেখিয়াকৈ উত্তৰ পাৰৰ এই পানপুৰ বনাঞ্চলো পৰ্য্যটনক্ষেত্ৰ ৰূপে গঢ়ি তোলাত আগভাগ লৈ আহিছো। ২০২০ চনত প্ৰথমবাৰৰ বাবে মুকলি কৰি দিয়া এই পানপুৰ বনাঞ্চললৈ অহা পৰ্যটকৰ পৰা লাখৰো অধিক টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

এইবেলি দেশ বিদেশৰ বিভিন্ন পৰ্যটকে বনাঞ্চলখন পৰিভ্ৰমণ কৰিব বুলিও আমি আশাবাদী বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই। উক্ত সভাখনিত উপস্থিত থাকি বক্তৱ্য আগবঢ়াই কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, উচ্চ পদস্থ বনবিষয়া ড° অলকা ভাৰ্গৱ, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, উত্তৰ অসমৰ বনচক্ৰ বিষয়া বংকীম চন্দ্ৰ শৰ্মাকে ধৰি বিভিন্ন জনে। ইয়াৰ পিছতে দুপৰীয়া চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিজে জিপ চাফাৰি চলাই পানপুৰঘাটৰ পৰা প্ৰায় ১০ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকা পৰিভ্ৰমণ কৰি বনাঞ্চল খনৰ ভিতৰত থকা হাতী, গড়, হৰিণৰ লগতে বিবিধ প্ৰকাৰৰ পৰিভ্ৰমী পখীৰ জলকেলি তথা নয়নাভিৰাম দৃশ্য প্ৰত্যক্ষ কৰে। উল্লেখ্য যে পানপুৰ বনাঞ্চলত ইতিমধ্যে বনবিভাগে স্থাপন কৰা গোপন ভিডি’অ কেমেৰাত ১৭ টাকৈ বাঘৰ উপস্থিত ধৰা পৰাৰ কথা বনবিভাগে অৱগত কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button