অসম

দেশ প্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণ সম্পর্কীয় প্ৰতিযোগিতা সম্পন্ন

সংবাদদাতা, পশ্চিম যোৰহাট:- নেহৰু যুৱ কেন্দ্ৰ সংগঠন যোৰহাটে শিক্ষা নিকেতন এডুকেশ্বন ছ’চাইটিৰ সভাকক্ষত ৬ ডিচেম্বৰত দেশ প্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণ সম্পৰ্কীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰে। শান্তা শৰ্মা, অৰ্ণৱ বৰা, ৰমেন শইকীয়া বিচাৰকৰূপে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ সম্পৰ্কত চৰকাৰী নিৰ্দেশনা ব্যাখ্যা কৰে বুলি বুঢ়াগোহাঁই আৰু মাধুৰ্য শৰ্মাই। ভালেসংখ্যক লোক প্ৰতিযোগিতা স্থলীত উপস্থিত থাকে। উল্লেখ্য, দেশৰ প্ৰতিখন জিলাতে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতা বৰ্ষৰ লগত সংগতি ৰাখি বিগত বছৰসমূহৰ দৰে আয়োজন কৰা এই প্ৰতিযোগিতা প্ৰথমতে জিলা পৰ্যায়ত অনুষ্ঠিত হৈছে। জিলা পৰ্যায়ত প্ৰথম স্থান লাভ কৰা গৰাকীয়ে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। ৰাজ্যিক পৰ্যায়ত প্ৰথম স্থান লাভ কৰা গৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। তিনিওটা স্থানতে পৃথক পৃথকৈ পুৰস্কাৰ লাভ কৰে। প্ৰতিবছৰে ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰা গৰাকীক দেশৰ প্ৰধান মন্ত্ৰীয়ে নতুন দিল্লীত এই পুৰস্কাৰ প্ৰদান কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: