অসম

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিশিষ্ট সাংস্কৃতিক তথা সমাজকৰ্মী জয়ন্ত বৰুৱাৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান

সংবাদদাতা, গোলাঘাট:- দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত যোৱা শনিবাৰে এক আড়ম্বৰপূৰ্ণ আনুষ্ঠানিকতাৰে সহকৰ্মী সকলে জয়ন্ত বৰুৱাৰ কৰ্ম জীৱনৰ সফল সমাপ্তিৰ আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। গোলাঘাটৰ আধাৰসত্ৰ 2 নং শেনছোৱা গাঁৱত জন্মগ্ৰহণ কৰি চিনাতলী হাইস্কুল আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত অধ্যয়ন শেষ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা হিচাপ বিদ্যা (Accountancy) বিষয়ত স্নাতকোত্তৰ উপাধি গ্ৰহণ কৰে। ছাত্ৰ জীৱনৰ পৰাই এগৰাকী মেধাসম্পন্ন ছাত্ৰ হিচাপে পৰিচয় দিবলৈ সক্ষম হোৱা জয়ন্ত বৰুৱাই অৰ্থনীতি বিষয়তো স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰিছিল। ১৯৮৫ চনতে কমল দুৱৰা মহাবিদ্যালয়ত স্থায়ী অধ্যাপকৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। শিক্ষকতাৰ লগতে এগৰাকী সফল সংগীত শিল্পী তথা সাংস্কৃতিক কৰ্মী হিচাপেও পৰিচিত জয়ন্ত বৰুৱাই ছাত্ৰ জীৱনতে বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক হিচাপে পৰিচিত হৈছিল। পৰৱৰ্তী সময়ত শতাধিক গীত ৰচনাআৰু সুৰাৰোপ কৰি গীতিকাৰ, সুৰকাৰ, গায়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰি “পাটগাভৰু” ‘বসন্তৰ আগমন’ আদিকে কেইবাটিও বিহু গীতৰ শ্ৰব্য সফুৰাৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। বিশেষকৈ অসমীয়া সংস্কৃতিৰ অনন্য সম্পদ বিহু কৃষ্টি আৰু ভাওনাৰ ক্ষেত্ৰত বিশেষ দক্ষতা থকা বিহুৰ বিচাৰকৰ আসনো অলংকৃত কৰিছিল। অসম আন্দোলনৰ পৰাই জাতীয়তাবাদী চিন্তা ধাৰাক বিশ্বাস কৰা নিজৰ অঞ্চলটো
উন্নয়নৰ যোগেদি অসমীয়া জাতিৰ উন্নয়নৰ হকে কাম কৰি যোৱা জয়ন্ত বৰুৱা চুতীয়া জাতী সন্মিলনীৰ অগ্ৰনী নেতা হিচাপে পৰিচিত। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত থকাৰ লগতে বিশিষ্ট
সাংস্কৃতিক তথা সমাজ কৰ্মী গৰাকীৰ কৰ্মৰাজিৰ ও বিভিন্ন অৱদান ওপৰত সহকৰ্মী সকলে আলোকপাত কৰা সভাখনত জয়ন্ত বৰুৱা আৱেগিক হৈ পৰে। সহকৰ্মী সকলে গামোচা শৰাই জনজাতীয় সাজপাৰ ধৰি বিভিন্ন উপহাৰেৰে বিদায় সম্ভাষণ জনোৱাৰ অন্তত বিশিষ্ট গিতিকাৰ তথা বিদায়ী উপাধ্যক্ষ গৰাকীৰ বিহু সুৰীয়া গীতত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। একাধিক মহাবিদ্যালয়খনৰ ভিন্ন বিভাগৰ প্ৰবক্তা আৰু শিক্ষাৰ্থীয়ে সুকীয়া-সুকীয়াকৈ এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা কাৰ্যসূচীৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ অৱসৰী জীৱনৰ পূৰ্ণ সক্ৰিয়তা কামনা কৰে। সভাৰ অন্তত দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিশিষ্ট সাংস্কৃতিক তথা সমাজকৰ্মী জয়ন্ত বৰুৱা উপাধ্যক্ষ গৰাকীক সকলোৱে নিজৰ বাসগৃহলৈ আগবঢ়াই নিয়ে। নিজৰ বাসগৃহত অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গৰাকীক অৰ্ধশতাধিক মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্য পৰিয়ালবৰ্গ আৰু ওচৰ চুবুৰীয়াৰ সহযোগত সকলোকে গামোচা, কলম প্ৰদান কৰি সেৱা সম্বৰ্ধনা তথা কৃতজ্ঞতা জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button