অসম

দেৰগাঁও সমষ্টিৰ বিধায়কে পৰিদৰ্শন কৰিলে ক’ভিড চেণ্টাৰ

কণ্টেইমেণ্টত থকা পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান

সংবাদদাতা ,পশ্চিম যোৰহাট : দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে যোৰহাট আৰু গোলাঘাট জিলা এলেকাত থকা সমষ্টিটোৰ অন্তৰ্গত কভি’ড চেণ্টাৰসমূহ পৰিদৰ্শন কৰাৰ লগতে কণ্টেইনমেণ্টত থকা পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰে। বিধায়কজন পুৱাই গোলাঘাট জিলাৰ কাকডোঙাৰ চুমনি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু সেই এলেকাৰ ১৮-৪৪ বছৰৰ লোকসকলৰ ক’ভিড ভেকচিন উক্ত কেন্দ্ৰতে লোৱাৰ ব্যৱস্থা কৰে।

তাৰ পাছত তেওঁ মহিমা চাহ বাগিছাত থকা ক’ভিড চেন্টাৰটো পৰিদৰ্শন কৰে। সেই এলেকাৰ কণ্টেইমেণ্টত থকা পৰিয়ালসমূহক নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰদান কৰে। কাকডোঙাৰ মাজিউকুছি ক’ভিড চেন্টাৰ পৰিদৰ্শন কৰি বিধায়কজনে সেই এলেকাৰ কণ্টেইমেণ্টত থকা পৰিয়ালসমূহক নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰদান কৰে।

দেৰগাঁও সমষ্টিৰ যোৰহাট জিলাৰ পুলিবৰৰ ডেকাগাঁও, বালিগাঁৱৰ ন-পমুৱা আৰু ৰৰৈয়াৰ এম ই এছ গেটৰ আশে-পাশে বহু পৰিয়াল ক’ভিডত আক্ৰান্ত হৈ কণ্টেইমেণ্টত আছে। সেই পৰিয়ালসমূহকো বিধায়কজনে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ  একোটাকৈ টোপোলা প্ৰদান কৰে। উল্লেখ্য, পুলিবৰ ডেকাগাঁওখন কণ্টেইমেণ্টত থকাত যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰাও নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰদানৰ ব্যৱস্থা কৰে।

তদুপৰি ৪৫ নং পশ্চিম সৰুচৰাই গাঁও পঞ্চায়তে ডেকা গাঁওখনৰ ক’ভিড আক্ৰান্ত হৈ থকা ২৪ টা পৰিয়ালৰ গৃহ-চৌহদ চেনিটাইজ কৰাইছে। নিতৌ পহৰা দি থকা সামৰিক বাহিনীৰ সৈতে পুলিবৰ হেজাৰী গাঁও, চিৰতীয়া গাঁও, লখিমী নগৰ,ভাতেমৰা, কমাৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীয়ে নিতৌ পহৰা দি আছে।

গাঁওখনৰ একাংশ লোক অকাৰণত মূল পথৰ পৰিৱৰ্তে পথাৰেৰে, অলিয়ে-গলিয়ে অন্য গাঁৱলৈ,ৰাষ্ট্ৰীয় পথলৈ ওলাই অহাৰ বাবেই গাঁওৰক্ষী বাহিনীৰ সৈতে জড়িতসকলে দিনে-নিশাই তীক্ষ্ণ দৃষ্টি দি থাকিবলগীয়া হৈছে। এই ক্ষেত্ৰত পুলিবৰ থানাৰ আৰক্ষীয়ে সঘনাই গাঁওৰক্ষী বাহিনীৰ লগত জড়িতসকলৰ সৈতে সততে যোগাযোগ ৰাখি আছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: