অসম

দেৰগাঁৱতো শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ তিথি পালন

ধৰ্মীয় পদৰ শোভাযাত্ৰাত জাতীয় সাজ-পৰিধানেৰে আই-মাতৃ, ভকত-বৈষ্ণৱসকল

সংবাদদাতা, দেৰগাঁও:- দ্বিতীয় অনন্ত ধামলৈ ৰূপান্তৰিত হ’ল দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ তিথিৰ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰসমূহৰ লগতে সমান্তৰালকৈ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ঐতিহ্যমণ্ডিত চকিয়াল বাঘবাৰী বৰনামঘৰ আৰু দিঘলীপাম বৰনামঘৰ আদিত হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ল চৌপাশ। নামঘৰ সমূহত প্ৰাংগনতো দেখা গ’ল গুৰুজনাৰ জন্ম-জয়ন্তীৰ উখল-মাখল পৰিৱেশ। ইপিনে সন্ধিয়াৰ ভাগত কণকণ শিশুসকলে নাম প্ৰসংগত অংশগ্ৰহণ কৰি সমগ্ৰ পৰিৱেশ ভক্তিময় কৰি তোলাৰ লগতে মহিলাসকলে দিহানামো পৰিৱেশন কৰে। দুদিনীয়া কাৰ্য্যসূচীৰে পুৱাৰে পৰা বন্তি প্ৰজ্বলন,গুনমালা,কীৰ্তন, নাম-প্ৰসংগ, ঘোষাপাঠ, ধৰ্মধজ্বা উত্তোলন কাৰ্যসূচীৰ সমাপনৰ পাছতে উলিওৱা হয় এক ধৰ্মীয় পদৰ শোভাযাত্ৰা। শোভাযাত্ৰাত জাতীয় সাজ-পৰিধানেৰে আই-মাতৃ, ভকত-বৈষ্ণৱসকলে পৰিভ্ৰমণ কৰি সমগ্ৰ অঞ্চলটো হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: