অসম

দৈয়াঙৰ বিভিন্ন সমস্যাক লৈ মেৰাপানীত অনুসূচীত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

সংবাদদাতা, মেৰাপানী:- অসম নগালেণ্ড সীমান্তৰ দৈয়াং মেৰাপানীৰ বিভিন্ন সমস্যাক লৈ সোচ্চাৰ হৈ পৰিছে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ দৈয়াং আঞ্চলিক সমিতি। দৈয়াঙৰ বহুকেইটা সমস্যা সমাধানৰ দাবীত আজি সংগঠনটোৰ দৈয়াং আঞ্চলিক সমিতিয়ে মেৰাপানী টাউনত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম-নগালেণ্ড সীমান্ত সমস্যাৰ সমাধান, মেৰাপানী সীমান্তত স্থায়ী সীমান্ত দণ্ডাধীশ নিয়োগ, দীৰ্ঘদিনে ভূমি অধিকাৰ নথকাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হোৱা দৈয়াংবাসীক ভূমি পট্টা প্ৰদান,

মেৰাপানী সমূহীয়া চিকিৎসালয়ত লক্ষাধিক জনসাধাৰণৰ বিপৰীতে প্ৰয়োজনীয় চিকিৎসক নথকাৰ বাবে জনসাধাৰণৰ অসুবিধাৰ দিশটো লক্ষ্য কৰি পৰ্যাপ্ত চিকিৎসক নিযুক্তি, দৈয়াং কৃষি মহকুমা কাৰ্যকৰী কৰা, মেৰাপানীত কৃষি গৱেষণাকেন্দ্ৰ আৰু কৃষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন, মেৰাপানীত এটি পেট্ৰল পাম্প স্থাপন, অনুসূচীত জাতিৰ গাঁওসমূহৰ বৈদ্যুতিকৰণ, বাট-পথৰ উন্নয়ন, কৃষকৰ উৎপাদিত খাদ্য শস্য সংৰক্ষণৰ বাবে শীতলগৃহ স্থাপন, দৈয়াঙৰ বাবে এটা স্বতন্ত্ৰৰীয়া বৈদ্যুতিক বিতৰণ কেন্দ্ৰ স্থাপন,

দৈয়াঙত এখন পূৰ্ণাঙ্গ মহাবিদ্যালয় স্থাপন আদি বিভিন্ন দাবীৰ সমৰ্থনত সংগঠনটোৱে বিভিন্ন শ্ল’গানেৰে অৱস্থান ধৰ্মঘটস্থলী উত্তাল কৰি তোলে। অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতা ক্ষীৰোদ কুমাৰ দাস, গোলাঘাট জিলা সমিতিৰ বাবুল দাস, আঞ্চলিক সমিতিৰ নেতা উদ্ধৱ দাস, ৰাহুল দাসৰ লগতে বহুসংখ্যকৰ উপস্থিতিতেৰে উত্তাল হৈ পৰা অৱস্থান ধৰ্মঘটস্থলীত সীমান্ত দণ্ডাধীশ উপস্থিত হৈ সংগঠনটোৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে। দৈয়াঙৰ এই মূল সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অনুসূচীত জাতি ছাত্ৰ সন্থাই অধিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button