বিনোদন

দ্বিতীয় নাট্যবৰ্ষত উদয়ন থিয়েটাৰৰ মহা আয়োজন

কুলদ্বীপ বৰ্মন:- যুৱ প্ৰযোজক জ্যোতিপদ তালুকদাৰ আৰু সহঃ প্ৰযোজক শশী শক্তি ডেকাৰ সবল নেতৃত্বত শিক্ষানগৰী পাঠশালাৰ পৰা আৱিৰ্ভাব হোৱা নাট্যদলটি আছিল উদয়ন থিয়েটাৰ। যোৱা বৰ্ষত যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিও কৰ’না মহামাৰীৰ বাবে থমকি ৰ’ব লগা হৈছিল তাৰ পিছত চলিত নাট্যবৰ্ষত দুঃসাহসিক প্ৰযোজনাৰে আগবাঢ়ি প্ৰথম নাট্যবৰ্ষতেই নাট্যদলটিয়ে তিনিখন ভিন্নধৰ্মী নাটকেৰে দৰ্শকৰ মাজত অভূতপূৰ্ব সঁহাৰি আৰু জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় নাট্যবৰ্ষটো নাট্যদলটিয়ে তিনিজন নাট্যকাৰৰ তিনিখন ভিন্ন ৰুচিসম্পন্ন নাটকেৰে লগতে এদল ন-পুৰণি অভিজ্ঞ নাট্যযোদ্ধাৰ সমাহাৰ ঘটিব। আগন্তুক ২০২২-২০২৩ নাট্যবৰ্ষত নাট্য দলটোৱে নিবেদন কৰিব জনপ্ৰিয় যুৱ নাট্যকাৰ ৰাজদ্বীপৰ- ”বাৰুদৰ গোলাপ”, পল্লৱ পৱনৰ-”শত্ৰু: তোমাক ভাল পাওঁ” আৰু অভিজিত ভট্টাচাৰ্যৰ-”ৰাধা কৃষ্ণ।” আগন্তুক নাট্য বৰ্ষত উদয়ন থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছে বহু কেইগৰাকী ন-পুৰণি নাট্যযোদ্ধা তাৰ ভিতৰত জেষ্ঠ অভিনেতা মৃদুল বৰুৱা, সুদৰ্শন নায়ক অৰূপ বৈশ্য, প্ৰতিভাশালী মোহময়ী অভিনেত্ৰী সংগীতা ডেকা, গুঞ্জন চৌধুৰী, মুহি বৰা, পলাশ প্ৰতীম, পল্লৱী ফুকন, বিজুমণি চুতীয়া, পুনম দাস, ত্ৰিদীপ ৰয় আদি। উদয়ন থিয়েটাৰৰ প্ৰযোজক, পৰিকল্পক, নাট্যকাৰ প্ৰমুখ্যে সমূহ পৰিয়ালবৰ্গলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: