অসম

দৰঙৰ ৫ নং বৰোৱাঝাৰ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী

গৰু বিক্ৰী কৰি ২০ হাজাৰ টকা কমিচন লোৱাৰ অভিযোগ জনপ্ৰতিনিধিৰ বিৰুদ্ধে

সংবাদদাতা, খাৰুপেটীয়া : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৫ নং বৰোৱাঝাৰ গাঁও পঞ্চায়তত৷ দৰঙৰ বেছিমাৰী উন্নয়ন খণ্ডৰ ৫ নং বৰোৱাঝাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কঁকাল ভাঙি গাঁৱৰ দৰিদ্ৰ হিতাধীকাৰীৰ নামত আৱণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত জনপ্ৰতিনিধিয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি, গাঁওখনৰ ছাহাৰা খাতুন নামৰ এগৰাকী দৰিদ্ৰ মহিলাৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত বিশ হাজাৰ টকা

কমিচন লয় গাঁওখনৰ ৱাৰ্ড সদস্য ছাইদুল ইছলামে৷ দৰিদ্ৰ মহিলা গৰাকীয়ে এহাল গৰু বিক্ৰী কৰি ২০ হাজাৰ টকা দিয়ে ৱাৰ্ড সদস্য জনক৷ উল্লেখযোগ্য যে বেংক পাছবুক আৰু এটিএম কাৰ্ড লৈ ৱাৰ্ড সদস্য ছাইদুল ইছলামে হিতাধিকাৰীৰ অজ্ঞাতে বেংকৰ পৰা ধন মকলাই আত্মহাত কৰাৰ অভিযোগ তুলিছে ভোক্তভোগী মহিলা গৰাকীয়ে৷ চৰকাৰী প্ৰাক কলন অনুসৰি ঘৰৰ ভেটি ১০ ইঞ্চি, দেৱাল ৫ ইঞ্চি আৰু ওপৰৰ অংশ ৩ হ’ব লাগে ইঞ্চি৷ কিন্তু চতুৰ ৱাৰ্ড সদস্য সদস্য গৰাকীয়ে ভেটি ৫ ইঞ্চি, দেৱাল ৩ ইঞ্চিকৈ নিৰ্মাণ কৰে৷

প্ৰাক কলন মতে কাম কৰাৰ কথা কলেই দৰিদ্ৰ পৰিয়ালটোক ভাবুকি প্ৰদান কৰে ৱাৰ্ড সদস্য ছাইদুল ইছলামে৷ ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষী থানাত ৱাৰ্ড সদস্য গৰাকীৰ বিৰুদ্ধে এখন এজেহাৰ দাখিল কৰে ভোক্তভোগী হিতাধিকাৰীয়ে৷ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী সাব্যস্ত হোৱা ব্যক্তিক উপযুক্ত শাস্তি প্ৰদান কৰাৰ লগতে প্ৰাক কলন অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত কাতৰ আহ্বান জনাইছে ভোক্তভোগী হিতাধিকাৰী ছাহাৰা খাতুনে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: