অসম

দৰিকা নৈত মৃতদেহ উদ্ধাৰ

সংবাদদাতা, শিৱসাগৰ : শিৱসাগৰ নগৰৰ সমীপৰ কাথপাৰ-কুকুৰা পহীয়া গাঁৱৰ দৰিকা নৈত আজি পুৱা এটা পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হয়। পুৱা প্ৰত্যক্ষ দৰ্শীয়ে মৃতদেহটো দৰিকা নৈত উপঙি থকা দেখি স্থানীয় শিৱসাগৰ সদৰ আৰক্ষীক খবৰ দিয়ে। ইপিনে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে পৰিয়ালৰ লোকে

মৃতদেহটো চিনাক্ত কৰে। মৃতদেহটো শিৱসাগৰ নগৰৰ ১১ নং ৱাৰ্ডৰ হাবিৰাম বড়া পথৰ নিৱাসী সঞ্জীৱ বড়াৰ বুলি জানিব পৰা গৈছে। যোৱা ৬ জুনৰ সন্ধিয়াৰ  পৰা সঞ্জীৱ বড়া সন্ধানহীন হৈ থকাৰ বিষয়ে সঞ্জীৱ বড়াৰ পত্নী সংগীতা বড়াই শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: