অসম

ধনশিৰিত একেদিনাই তিনিখনকৈ কবিতা পুথি উন্মোচন

সংবাদদাতা, ধনশিৰি:- সমগ্ৰ বিশ্বতে এফালে ধ্বংসকামিতা আৰু আনফালে সৃষ্টিৰ সম্ভাৱনা অহৰহ চলি আছে, সেই দুদোল্যমানতাৰ মাজৰেই মানৱসমাজক, দেশক, জাতিক আগুৱাই লৈ যায় কলমৰ চৰ্চা কৰা সকলেই, য’ত নিহিত হৈ থাকে প্ৰতিৰোধহীন ধনাত্মক শক্তি। সেই ধাৰাবাহিকতাকে অক্ষুণ্ণ ৰাখি এতিয়া ধনশিৰিৰ বুকুলৈ নামি আহিছে কবিতাৰ ধল। আজি চেপ্তেম্বৰ মাহৰ পহিলা দিনটোতেই ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰ’দালি প্ৰকাশনৰ উদ্যোগত এখনি কবিতাৰ মাহেকীয়া আলোচনী ৰ’দালি আৰু দুজনকৈ স্বনামধন্য কবিৰ কবিতা সংকলনৰ উন্মোচনী অনুষ্ঠান আড়ম্বৰপূৰ্ণভাবে অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনৰ দ্বাৰা শুভাৰম্ভনি হোৱা উন্মোচনী সভাত ৰ’দালি প্ৰকাশনৰ হৈ অনুষ্ঠানটিত আঁত ধৰে কবি-সুলেখক মহেশ্বৰ বসুমতাৰীয়ে। ধনশিৰি মহকুমাৰ বৌদ্ধিক সমাজক খোৰাক যোগোৱাৰ উদ্দেশ্য এই অনুষ্ঠানতে আজি কবিতা বিষয়ক মাহেকীয়া আলোচনী ৰ’দালিৰ প্ৰথম সংখ্যাটি উন্মোচন কৰে। মনোজ্ঞ অনুষ্ঠানটিতে উদ্বোধকৰ দ্বাৰা কবি-সুলেখিকা স্পনানী গগৈ চেতিয়াৰ ‘জাকৈয়া ছোৱালীৰ বৰষুণ’ নামৰ এখনি কাব্য সংকলন উন্মোচন কৰা হয়। তাৰোপৰি কবি-সুলেখক মহেশ্বৰ বসুমতাৰীৰ আন এখনি কাব্য সংকলন ‘হৃদয় জুৰোৱা ঘাট’ উন্মোচন কৰি উদ্বোধকে অসমীয়া কাব্য সাহিত্যৰ নৱতম সংযোজনক লৈ আশাবাদী বুলি উল্লেখ কৰে। অনুষ্ঠানটিত গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট লেখক পৰশুৰাম তামুলী, সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক প্ৰণৱ ঢেকিয়াল ফুকন, গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদিকা কবি বন্তি বৰা, সৰুপথাৰ শাখা সাহিত্য সভাৰ সভাপতি সুৰ্য গগৈ, ধনশিৰি মহকুমাৰ জেষ্ঠ সাহিত্যনুৰাগী ধৰ্মেশ্বৰ দুৱৰা, বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদিপ স্বৰ্গীয়াৰি, জেষ্ঠ সাহিত্যিক দিলিপ শৰ্মা প্ৰমুখ্যে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে প্ৰেৰণাসূচক বক্তব্য আগবঢ়ায়। সৰুপথাৰৰ কাব্যপ্ৰেমী পাঠক আৰু কবিসমাজৰ দীৰ্ঘদিনীয়া মঞ্চ এখনিৰ অভাৱ আজিৰ তাৰিখৰ পৰা ৰ’দালি প্ৰকাশনে দূৰ কৰাৰ যি আন্তৰিক প্ৰয়াস ললে সেই দিশত উপস্থিত সুধীবৃন্দই শলাগ লয়। কলম, কাগজ আৰু কবিতা অবিহনে জীৱন অসম্ভৱ বুলি ভৱা কবি, সুলেখিকা স্পনানী গগৈ চেতিয়াই ৰ’দালি কাব্য আলোচনীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উঠি অহা প্ৰজন্মৰ সকলো কবিয়ে নিজৰ কবিতা প্ৰকাশ কৰাৰ ক্ষেত্ৰত সুবিধা পাব বুলি সদৰি কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: