অসম

ধনশিৰিৰ আকাশে-বতাহে কেৱল লাভলীনা

সংবাদদাতা, ধনশিৰি:- ধনশিৰি মহকুমাৰ আকাশ বতাহ এতিয়া লাভলীনাৰ নামেৰে মুখৰিত। বৰপথাৰ বাৰ’মুখীয়া গাঁৱৰ টিকেন বৰগোঁহাই আৰু মামনি বৰগোঁহাইৰ জীয়ৰি লাভলীনাই টকিঅ অলিম্পিকৰ বক্সিং খেলত প্ৰতিদন্দিতা কৰিবলৈ সুযোগ লাভ কৰাৰ দিনৰে পৰা সমগ্ৰ অসমত এতিয়া আনন্দৰ বন্যা বৈছে। সকলো ধনশিৰিবাসী উৎফুল্লিত হৈ পৰিছে। অতিকৈ পিছপৰা বাৰ’মুখীয়া গাঁৱৰ নিচিনা ঠাইৰ পৰা বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈও আজি বিশ্ব দ্বৰবাৰত অসমৰ নাম জিলিকাবলৈ সক্ষম হৈছে প্ৰথম গৰাকী অসমীয়া মহিলা লাভলীনা বৰগোঁহাই।

ধনশিৰি মহকুমাৰ সকলো দল-সংগঠন আৰু জনসাধাৰণে শুভেচ্ছা বাণীৰে লাভলীনাক ওপছাই তুলিছে। অকল ধনশিৰি মহকুমা বুলিয়েই নহয় সমগ্ৰ অসমবাসী আজি গৌৰাম্বিত। অসমৰ বিভিন্ন মঠ-মন্দিৰত লাভলীনাৰ সফলতাৰ উদ্দেশ্যে বিভিন্ন শুভাকাংক্ষীয়ে পূজা-অৰ্চনা কৰিছে। ঠায়ে ঠায়ে বিভিন্ন দেৱালত লাভলীনাৰ প্ৰতিচ্ছবি অংকণ কৰি উৎসাহ আৰু প্ৰেৰণা যোগাইছে। ইয়াৰ উপৰিও লাভলীনাক উৎসাহিত কৰিবলৈ ধনশিৰি মহকুমাত মহকুমা আৰক্ষী বিষয়াকে ধৰি বিভিন্ন দল-সংগঠন আৰু ক্ৰীড়া সন্থাই চাইকেল ৰেলি কৰিছে।

মুঠৰ ওপৰত সকলোৰে এটাই আশা লাভলীনাই বিশ্বদ্বৰবাৰত স্বৰ্ণ জয়েৰে অসমৰ নাম ক্ষোদিত কৰিব। ইতিমধ্যে টকিঅ অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বিনা প্ৰতিদন্দিতাৰে লাভলীনা জয়ী হৈ প্ৰি-কোৱাৰ্টাৰত প্ৰবেশ কৰিছে। ২৭ জুলাইত লাভলীনাই বক্সিং ৰিঙত জাৰ্মানীৰ ৩৫বছৰীয়া নাদিম এপেজৰ লগত প্ৰতিদন্দিতা কৰিব। জয়ী হওঁক লাভলীনা, জিলিকি উঠক অসম, জিলিকি উঠক ধনশিৰি। কালি-পৰহি বোকা-পানী খচকি থকা ধনশিৰিৰ জীয়ৰী আজি টকিঅ’ অলিম্পিকত। সকলো অসমবাসীৰ মৰম আৰু আশীৰ্বাদ আছে। নিশ্চয় বিজয়ী হব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: