অসম

ধনশিৰিত “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস” উদযাপন

সংবাদদাতা, ধনশিৰি:- ১৬ নৱেম্বৰৰ দিনটো দেশত প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে। ১৯৬৬ চনৰ ৪ জুলাইত গঠন হোৱা ‘প্ৰেছ কাউন্সিল অব ইণ্ডিয়া’ই উক্ত বছৰতে ১৬ নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত আনুষ্ঠানিকভাৱে কাউন্সিলৰ কাম-কাজ আৰম্ভ কৰে। তেতিয়াৰে পৰা উক্ত দিনটো সমগ্ৰ দেশতে প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে। আজি ধনশিৰি মহকুমাটো সৰহ সংখ্যক জেষ্ঠ-কনিষ্ঠ সাংবাদিকৰ উপস্থিতিত ধনিশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈৰ নেতৃত্বত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। পোনপ্ৰথমে ধনশিৰি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা জেষ্ঠ সাংবাদিক ৰাধিকা বল্লভ গোস্বামী আৰু নগেন শৰ্মাক বিশেষভাৱে সম্বৰ্ধনা জনায়।

লগতে উপস্থিত সকলো জেষ্ঠ-কনিষ্ঠ সাংবাদিক সকলক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়। প্ৰেছ দিৱসৰ বিষয় বস্তু হিচাপে ৰাষ্ট্ৰীয় ভাৱে “সংবাদ মাধ্যমক কোনে সমীহ নকৰে?” বিষয়টিৰ ওপৰত আলোচনা হয়। আলোচনাৰ আঁত ধৰি জেষ্ঠ সাংবাদিক ৰাধিকা বল্লভ গোস্বামী, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক দ্বিপেন বৰা, জেষ্ঠ সাংবাদিক বিপুল শৰ্মা, ধনশিৰি সাংবাদিক সন্থাৰ সভাপতি মাকমুদ আলি আৰু ধনশিৰি সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক অৱনী শৰ্মাই মতামত আগবঢ়ায়। গণতন্ত্ৰৰ চাৰিটা স্তম্ভ- বিধান মণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা আৰু সংবাদ মাধ্যম। এই চাৰি স্তম্ভৰ সন্মিলিত কাৰ্যাৱলীয়েই হৈছে গণতান্ত্ৰিক প্ৰক্ৰিয়া। আটাই কেইটা স্তম্ভৰ সু-পৰিচালনাতেই গণতন্ত্ৰৰ ভেটি মজবুত হৈ থাকে। সংবাদ মাধ্যম হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ।

শাসন যন্ত্ৰ আৰু জনসাধাৰণৰ মাজত সেতু বন্ধন কৰি এটা সুন্দৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এখন দেশ পৰিচালনাত সংবাদ মাধ্যমে যুগ যুগ ধৰি অনবদ্য অৱদান আগবঢ়াই আহিছে। কিন্তু বৰ্তমান সময়ত সাংবাদিক সকলৰ ওপৰত দেশত হৈ থকা ঘটনা সমূহে সাংবাদিক সকলৰ জীৱনৰ নিৰাপত্তা নথকাৰ কথাকেই আঙুলিয়াই। সাংবাদিকক হত্যা কৰা, নিৰ্যাতন চলোৱা বিষয় বিলাকৰ ওপৰত যাতে প্ৰশাসনে গুৰুত্ব আৰোপ কৰে সেই বিষয়েও আজিৰ প্ৰেছ দিৱসত আলোচনা হয়। শেষত ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈয়ে সকলো সাংবাদিককে শুভেচ্ছা জনায় আৰু অনাগত দিনত প্ৰশাসনৰ ফালৰ পৰা সকলো ধৰণৰ সহায় কৰাৰ কথা অৱগত কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button