অসম

ধনশিৰি মহকুমাৰ বৰপথাৰত কানিৰ ঘাটি উৎখাত

সংবাদদাতা, ধনশিৰি : সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানৰ লগতে গোলাঘাট জিলাৰ বৰপথাৰ টেঙানিত বৃহৎ কানিৰ এটা ঘাটি উৎখাত কৰে আৰক্ষী, গাঁওবুঢ়াৰ লগতে গাঁওৰক্ষী বাহিনীয়ে৷ টেঙানি বৰহোলা শ্যাম গাৱৰ এটা দুৰ্গম অঞ্চলত অভিযান চলাই এই বৃহৎ সফলতা লাভ কৰে। প্ৰাপ্ত তথ্য অনুসৰি

চামকৌ শ্যাম নামৰ এজন লোকৰ বাগানৰ মাজৰ এটা চাংঘৰত কানি সেৱন কৰি থাকোতে চামকৌ শ্যামৰ লগতে আৰু চাৰি জন লোকক হাতে লোটে ধৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত পাঁচজন লোকক আৰক্ষীয়ে আটক কৰে যদিও আৰু কেইবাজনো লোকে সেই স্থানৰ পৰা পলায়ন কৰে৷

উক্ত অভিযানত  তেওঁলোকৰ পৰা নগদ ধন আৰু নিষিদ্ধ কানিৰ টোপোলাৰ লগতে চাৰিখন কৈ দুচকীয়া বাহন আৰক্ষীয়ে জব্দ কৰে৷ কৰায়ত্ত কৰা লোক কেইজনৰ ঘৰ গোলাঘাট, মেৰাপানী, গৰঙাৰ আৰু এজন ৰাজস্থানৰ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, টেঙানি অঞ্চলত দীৰ্ঘদিনৰ পৰা এই নিষিদ্ধ কানিৰ ব্যৱসায় চলি আহিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: