ৰাষ্ট্ৰীয়

ধানখেতিৰ মাজেৰে চুম্বনৰ আমেজেৰে বাইক ষ্টাণ্ট দম্পতিৰ; তাৰ পিছত কি ঘটিল ?

সামাজিক মাধ্যমত এটা ভিডিঅ’ই তুলিছে খলকনি। এজন‌ প্ৰেমিকে প্ৰেমিকাক ধানখেতিৰ মাজেৰে বাইকত লৈ গৈ আছিল৷ কিন্তু বাইকৰ পিছফালে নহয়, বাইকখনৰ সন্মুখত যুৱকজনে তেওঁৰ প্ৰেমিকাক বলীউডৰ নায়কসকলৰ ষ্টাইলত লৈ গৈ চুম্বন কৰাত ব্যস্ত আছিল৷ তেওঁলোকৰ ‘ষ্টান্টবাজি’ কিছু সময় ধৰি চলিছিল৷

ভিডিঅ’টোত দেখা গৈছে যে যুৱতীগৰাকীয়ে বাইকত প্ৰেমিকৰ কোলাত বহি চুম্বন কৰি কৰি গাঁওখনৰ মাজেৰে পাৰ গৈ আছে। গাঁওবাসীয়ে দম্পতি হালৰ এনে কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। গাঁওবাসীয়ে কয় যে – “কি অশ্লীল কাৰ্য্য! বাইকখনৰ পিছফালে বহি প্ৰেমিকাক লৈ যাওঁক,

তাত আমাৰ আপত্তি নাই, কিন্তু এনেদৰে কোলাত বহায় এনে অশ্লীল কাৰ্যত লিপ্ত হৈছে কিয় ? দম্পতীহালক গাঁওবাসীয়ে খেদি খেদি ধৰিছিল আৰু দুয়োকে অপমানো কৰে৷ লগতে ভৱিষ্যতে তেওঁলোকে পুনৰ তেনে কাম নকৰিবলৈ সকীয়াই দিয়ে। এই সমগ্ৰ ঘটনাটো বিহাৰৰ গয়াৰ এখন গাঁৱত সংঘটিত হৈছিল৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: