অসম

ধুপধৰাৰ বিশিষ্ট সমাজকৰ্মী, সংগঠক জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক জ্ঞানশংকৰ খাখলাৰীৰ দেহাৱসান

শোকস্তব্ধ গোৱালপাৰা আৰু দক্ষিণ কামৰূপ জিলা

সংবাদদাতা, দুধনৈ : গোৱালপাৰা জিলাৰ এগৰাকী বিশিষ্ট সমাজ কৰ্মী, সংগঠক, সাংবাদিক, লেখক, ব্যবসায়ী জ্ঞান শংকৰ খাখলাৰীয়ে শাৰিৰীক অসুস্থতাৰ অন্তত যোৱা ২৪ মে’ৰ নিশা মৃত্যুক আঁকোৱালি লয়। জানিব পৰা মতে ২৪ মে’ৰ নিশা তেখেত হঠাৎ অসুস্থ হৈ পৰাত প্ৰথমে ধূপধৰাৰ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ গৈ থকা অৱস্থাত বাটতে তেওঁৰ অকাল মৃত্যু হয়। তেখেতৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে ধূপধৰা অঞ্চলৰ উপৰি গোৱালপাৰা জিলা আৰু দক্ষিণ কামৰূপ জিলাত শোকৰ ছাঁ পৰে।

কামৰূপ জিলাৰ বন্দাপাৰাত জন্মগ্ৰহণ কৰা সৰবৰহী ব্যক্তি গৰাকী গোৱালপাৰা জিলাৰ এগৰাকী অন্যতম অগ্ৰণী সাংবাদিক আছিল। ১৯৮৬ চনৰ ১০ আগষ্টত গঠন হোৱা গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল জ্ঞান শংকৰ খাখলাৰী। পিছলৈ তেওঁ দুধনৈ প্ৰেছ ক্লাৱৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। বিশিষ্ট লেখক-সাহিত্যিক হিচাবেও জিলাখনত তেওঁ পৰিচিত আছিল। ছাত্ৰ অবস্থাৰ পৰা সাহিত্য চৰ্চা কৰা জ্ঞানশংকৰ খাখলাৰীয়ে ১৯৯০ চনৰ এপ্ৰিল মাহত প্ৰকাশ পোৱা ‘লোক সংস্কৃতিত এভুমুকি’ নামৰ তথ্য গধুৰ গ্ৰন্থখনৰ উপৰি তেখেতে বহুকেইখন গ্ৰন্থ ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

১৯৮১ চনত তেখেতৰ সম্পাদনাত “উদ্গীৰণ” নামৰ এখন তিনিমহীয়া আলোচনীও প্ৰকাশ পাইছিল৷ অসম সাহিত্য সভাৰ আজীৱন সদস্য, সাহিত্যিক পেঞ্চনাৰ, গোৱালপাৰা জিলা আপকুৰ উপদেষ্টা, ধুপধৰা ৰূপজ্যোতি শাখা সাহিত্য সভাৰ লগতে বন্দাপাৰা লুকী বিকেলী শাখা সাহিত্য সভাৰ সভাপতি আছিল। সাহিত্যৰ ক্ষেত্ৰখনত বিশেষ বৰঙণি আগবঢ়োৱা বাবে কলিকতাৰ পৰা তেওঁ বঁটা লাভ কৰিছিল। ১৯৯১ চনত দুধনৈ অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ ‘আগলতি’ৰ যুটীয়া সম্পাদক আছিল।

যি সময়ত গোৱালপাৰা জিলাখনৰ বাট-পথৰ লগতে বিভিন্ন সমস্যাত জৰ্জৰিত হৈ জনসাধাৰণে ককবকাই আছিল তেনে সময়তে জ্ঞান শংকৰ খাখলাৰীয়ে হাতত কলম তুলি দৈনিক অসম, দৈনিক অগ্ৰদূত কাকতত সাংবাদিকতাৰ জৰিয়তে ৰাইজৰ সমস্যাৰ বা-বাতৰি লিখি চৰকাৰৰ দৃষ্টি গোচৰ কৰিছিল। নতুন চাম সাংবাদিকক উৎসাহ তথা সাহস দিছিল। লিখাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। তেখেত এগৰাকী সংবেদনশীল ব্যক্তি আছিল৷ মানবীয় অনুভুতিৰে সিক্ত আছিল তেওঁৰ হৃদয়৷ মানুহৰ মাজত থাকি তেওঁ ভাল পাইছিল৷ মানুহক তেওঁ ভাল পাইছিল৷

মেঘালয়ৰ আদোকগিৰী হাইস্কুলত তেওঁ শিক্ষকতাও কৰিছিল৷ অঞ্চলটোৰ এগৰাকী সফল ব্যবসায়ী হিচাবেও পৰিচিত আছিল৷ ধুপধৰাৰ “সেউজী ছপাশাল”ৰ তেওঁ স্বত্বাধিকাৰী আছিল৷ মৃত্যুৰ আগমুহুৰ্তলৈ তেওঁ ধুপধৰা আৰু বন্দাপাৰা শংকৰদেব শিশু নিকেতনৰ সম্পাদকৰ দায়িত্বত আছিল৷ গোৱালপাৰা জিলাৰ লগতে দক্ষিণ কামৰূপ জিলাৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ নগত ওতঃপ্ৰোতভাবে জড়িত থকা এইগৰাকী বিশিষ্ট তথা সমাজ সচেতক ব্যক্তিৰ মৃত্যুত গোৱালপাৰা জিলা সাংবাদিক সন্থা,

দুধনৈ প্ৰেছ ক্লাব, গোৱালপাৰা জিলা আপকু আৰু দুধনৈ শাখা সাহিত্য সভাই, ধুপধৰা ব্যবসায়ী সন্থা, ধুপধৰাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু দক্ষিণ কামৰূপৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ৭১ বছৰ বয়সত মৃত্যু বৰণ কৰা জ্ঞানশংকৰ খাখলাৰীয়ে মৃত্যুৰ সময়ত পত্নী, তিনি পুত্ৰ,জী- জোঁৱাই, নাতি-নাতিনী এৰি থৈ যায়। কো’ভিড প্ৰটকলৰ মাজেৰে পৰিয়ালবৰ্গ আৰু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্ব সম্পন্ন কৰা হয়৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: