অসম

ধুবুৰীত সমবায় সমিতিলৈ যোগান ধৰা চাউলৰ ব্যৱসায়

সংবাদদাতা, ধুবুৰী : ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিভিন্ন আঁচনিৰ বগা চাউলৰ হৈছে চোৰাং কাৰবাৰ। ধুবুৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ নদী পথেৰে দক্ষিণ শালমাৰা লৈ যোৱাৰ পথত জব্দ কৰা হয় চোৰাং চাউল ভৰ্তি এখন যন্ত্ৰচালিত নাওঁ। ধুবুৰী আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত

চলাইছিল ধুবুৰীৰ নদী পথত অভিযান। অভিযানত চাউলৰ সৈতে দুজন লোকক (নাওৰীয়া) আটক কৰে আৰক্ষীয়ে। অধিক তথ্য উদ্ঘাটনৰ বাবে ধুবুৰী আৰক্ষীয়ে জেৰা চলাইছে ধৃত নাওৰীয়া বাছেৰ আলী আৰু ছবিয়াল শেখক। দুয়োৰে ঘৰ বিৰসিং চৰৰ ২য় খণ্ডৰ। 

অভিযোগ অনুসৰি ধুবুৰীৰ এফ চি আইৰ পৰা চাউল সমূহ ট্ৰাকেৰে নি নদী পথেৰে দক্ষিণ শালমাৰাৰ বিভিন্ন সমবায় সমিতি লৈ নিয়াৰ নামত চাউল সমূহ মেঘালয় আৰু বাংলাদেশলৈ চোৰাং চালান কৰা হয়। কুখ্যাত চাউল মাফিয়া উত্তম সাহৰ নেতৃত্বত চলিছে বগা চাউলৰ এই বৃহৎ ক’লা বজাৰ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: