অসম

ধূলাত প্ৰতিৰোধী বন্ধুৰ ক’ভিড সেৱা কেন্দ্ৰ মুকলি

সংবাদদাতা, ধূলা : কৰ’না ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাদেশীকৰন পঞ্জীয়নভুক্ত প্ৰতিৰোধী বন্ধু তথা স্বেচ্ছাসেৱকসকলে দৰং জিলাত বিভিন্ন ধৰণৰ অভিযান তথা কাৰ্যসূচী অব্যাহত ৰাখিছে৷ সমাজৰ একাংশ লোকে এতিয়াও ক’ভিড নীতি-নিৰ্দেশনা মানি পৰিচালিত নোহোৱা পৰিলক্ষিত হয়৷ তেনে সময়তে সমাজৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলে দৰং জিলা প্ৰতিৰোধী বন্ধুসকলে৷ যোৱা বৃহস্পতিবাৰৰ পৰা সাতদিনীয়া

কাৰ্যসূচীৰে দৰং জিলাৰ অন্তৰ্গত ধূলাত কৰ’না অতিমাৰীৰ ক্ষেত্ৰত অঞ্চলবাসীক সজাগ কৰাৰ বাবে Covid-19 help desk এখন মুকলি কৰে৷ মুকলি কৰা সেৱা কেন্দ্ৰ খনৰ জৰিয়তে সাধাৰণ ৰাইজৰ শাৰীৰিক উষ্ণতা, অক্সিজেনৰ পৰিমাণ, সজাগতামূলক পুস্তিকা, মাস্ক, চেনিটাইজাৰ, আদি সাধাৰণ ৰাইজক বিনামূলীয়াকৈ বিতৰণ কৰে৷ বৃহত্তৰ ধূলা অঞ্চলটিত বিগত সময়ৰ পৰা প্ৰতিৰোধী বন্ধুৰ কৰ্মীসকলে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰি

অঞ্চলবাসীক সহায় কৰি আহিছে৷ দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ধূলা, খাৰুপেটীয়া, লটাখাট, ডাকচকী আদি অঞ্চলৰ ৰাইজে কেন্দ্ৰ খনৰ পৰা উপৰোক্ত সামগ্ৰী সমূহ গ্ৰহণ কৰিবলৈ দেখা পোৱা যায়৷ ধূলাৰ উদীয়মান যুৱক তথা প্ৰতিৰোধী বন্ধুৰ কৰ্মী ছফিকুল ইছলামৰ নেতৃত্বত পৰিচালিত হোৱা সেৱা কেন্দ্ৰটোত উপস্থিত থাকে আৰু ধূলা স্থানীয় প্ৰতিৰোধ বন্ধু কৰ্মী সুমন দত্ত, আতাউৰ ৰহমান, ছফিউল্লা, ইমৰান হুছেইন৷ ইতিমধ্যে সেৱা কেন্দ্ৰটোত স্থানীয় ৰাইজ,

সাংবাদিক, জ্যেষ্ঠ ব্যক্তি, বৃদ্ধ ব্যক্তি, শাৰীৰিকভাৱে অক্ষম লোককে ধৰি প্ৰায় পাঁচশতাধিক লোকৰ মাজত শৰীৰৰ উত্তাপ, মাস্ক, চেনিটাইজাৰ, বিতৰণ আদিৰ ব্যৱস্থা গ্ৰহণ কৰে৷ দুই এদিনৰ ভিতৰতে অঞ্চল খনৰ অতি ভিতৰুৱা এলেকা যেনে বাইগৰমাৰী, মাগুৰমাৰী, বন্দীয়া, আদি গাঁৱত এনেধৰণ কাৰ্যসূচী হাতত ল’ব বুলি প্ৰতিৰোধী বন্ধুৰ দলটোৱে জনায়৷ সমাজৰ হৈ এনেধৰণৰ প্ৰশংসামূলক কাম-কাজৰ বাবে প্ৰতিৰোধী বন্ধুৰ দলটোক ধন্যবাদ জনায় বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: