অসম

ধেমাজি জিলাত আঘোণৰ দুপৰীয়াত কবিৰ আড্ডা

প্ৰিয়ঙ্কা দেৱীক সম্বৰ্দ্ধনা ও ধেমাজি জিলা কবি চক্ৰ গঠন

এই সপ্তাহৰ কাকতখন পঢ়িবলৈ ক্লিক কৰক

সংবাদদাতা, বিহালী:- যোৱা ইংৰাজী ১২ ডিচেম্বৰ তাৰিখে, ধেমাজি জিলাৰ “সাহিত্য সভা ভৱনত” পুৱা দহ বজাৰ পৰা, “আঘোণৰ দুপৰীয়াত কবিৰ আড্ডা” শীৰ্ষক অনুষ্ঠানটিৰ সফল সমাপন হয়। আঘোণৰ দুপৰীয়াত কবিৰ আড্ডা অনুষ্ঠানটি উদ্বোধন কৰে “আইদেউ সন্দিকৈ” বটাপ্ৰাপ্ত শ্ৰদ্ধেয়া বিমলা গগৈ ডাঙৰীয়ানীয়ে আৰু সঞ্চালন কৰে মৰিঢল কলেজৰ প্ৰবক্তা ড০ পুৰৱী দুৱৰা ডাঙৰীয়াণীয়ে। অনুষ্ঠানটি আৰম্ভণিৰে পৰা শেষলৈকে আঁত ধৰে বিপুল শৰ্মাই। উক্ত অনুষ্ঠানটিত বিশ্বনাথ জিলা কবি চক্ৰৰ মুখ্য সম্পাদিকা সদৌ অসম কবি চক্ৰৰ যুটীয়া সম্পাদিকা শ্ৰদ্ধেয়া ৰুবী দাস শইকীয়া, বিশ্বনাথ জিলা কবি চক্ৰৰ কাৰ্যকৰী সভাপতি টেজেন হাজৰিকা আৰু যুটীয়া সম্পাদক প্ৰেম বৈষ্ণৱ আৰু পূৰ্বালী শইকীয়াক উদ্যোক্তা সকলৰ তৰফৰপৰা ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনোৱা হয়। আৰু তেখেতে সকল প্ৰত্যেকেই একো একোটাকৈ স্বৰচিত কবিতা পাঠ কৰে। যোৱা ১৫ নৱেম্বৰ তাৰিখে, কৰ্কট ৰোগীসকলৰ বাবে, নিজৰ মৰমৰ চুলিসমূহ স্বেচ্ছাই দান দিয়া, প্ৰিয়ংকা দেৱী হাজৰিকাক আনুষ্ঠানিক ভাৱে, ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনোৱা হয়। আঘোণৰ দুপৰীয়াত কবিৰ আড্ডাত, ধেমাজি জিলাৰ কাষৰীয়া জিলা লক্ষ্মীমপুৰ জিলাৰ বিশিষ্ট কবি প্ৰতিমা বুঢ়াগোহাঁই, ৰঞ্জিতা চেতিয়া, অমৰজ্যোতি ঘোষ, মুকুল ৰঞ্জন কোচ, মিলন দত্ত মাধুৰ্য গগৈকে আদি কৰি বহু নবীন-প্ৰবীণ কবিৰ উপস্থিতিত অনুষ্ঠানভাগ সফল সমাপন হয়। আঘোণৰ দুপৰীয়াত কবিৰ আড্ডা শীৰ্ষক কবিতা পাঠৰ বিশেষ অনুষ্ঠানটিতে নবীন বুঢ়াগোহাঁইক সভাপতি হিচাপে নিৰ্বাচিত কৰি সৰ্বসন্মতি ক্ৰমে এটি বলিষ্ঠ “ধেমাজি জিলা কবি চক্ৰ “ গঠন কৰা হয়। এই অনুষ্ঠানটিত যিসকল কবিয়ে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিছে তেখেত সকলক উদ্যোক্তা সকলে কৃতজ্ঞতা জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: