অসম

ধৰ্মপ্ৰাণা মহিলা অবলা ডেকাৰ পৰলোকপ্ৰাপ্তি

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ ভেৰগাঁও পৰবাহুচুৱা নিবাসী অৱলা ডেকাৰ আজি পুৱতি নিশা ৪-৩০ বজাত টংলাৰ ৱাৰ্ড নং-২ নিবাসী জেষ্ঠ পুত্ৰ তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰভাত চন্দ্ৰ ডেকাৰ গৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু ঘটে। মৃত্যুৰ সময়ত ৮৫ বছৰ হোৱা প্ৰয়াত অৱলা ডেকাই বিগত কিছু বছৰ ধৰি থাইৰয়ড, মধূমেহ, উচ্চ ৰক্ত চাপ আদি বিভিন্ন ৰোগত ভুগি থকা সৰবৰহী মহিলা অৱলা ডেকা, পৰবাহুচুৱা মহিলা আয়তী নামৰ দলৰ অভিন্ন অংগ আছিল। অসমীয়া প্ৰতিদিন কাকত ভেৰগাঁৱৰ সংবাদদাতা গণেশ ডেকাৰ মাতৃ অৱলা ডেকাই মৃত্যুৰ সময়ত তিনিজন পুত্ৰ-বোৱাৰী, দুগৰাকী জী-জোৱাই, নাতি-নাতিনীসহ যথেষ্ট সংখ্যক গুণমুগ্ধক ইহসংসাৰত এৰি যায়। তেখেতৰ মৃত্যুত পৰবাহুচুৱা আয়তী নামতী দল, পৰবাহুচুৱা হৰি মন্দিৰ পৰিচালনা সমিতি, খৈৰাবাৰী প্ৰেছ ক্লাৱ, ভেৰগাঁৱ প্ৰেছ ক্লাৱ, ভেৰগাঁও সাহিত্য সভা, ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা(পশ্চিম), ভেৰগাঁও অল বিটিআৰ ডিজিটেল মিডিয়া এছ’চিয়েছন, টংলা প্ৰেছ ক্লাব, ওদালগুৰি জিলা সাংবাদিক সন্থা “আপকু “, ওদালগুৰি জিলা সাহিত্য সভাৰ যুৱ সংসদ, ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ভেৰগাঁও আঞ্চলিক বড়ো ছাত্ৰ সন্থা, ভেৰগাঁও সাহিত্য সভা, ভেৰগাঁও সমন্বয় সাহিত্য মঞ্চ, বড’লেণ্ড ই মিডিয়া এছ’চিয়েছনকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: