অসম

ধৰ্মপ্ৰাণ মহিলা জোনাকী শ‌ইকীয়াৰ মৃত্যু

সংবাদদাতা, পুৰণিগুদাম:- নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী জলাহ গাঁৱৰ সৰবৰাহী, ধৰ্মপ্ৰাণ মহিলা জোনাকী শ‌ইকীয়াই যোৱা নিশা ইহলীলা সম্বৰণ কৰে। বিভিন্ন ধৰ্মীয় কাম-কাজৰ লগত জড়িত জোনাকী শ‌ইকীয়াই বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহতে মৃত্যুবৰণ কৰে। জোনাকী শ‌ইকীয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই তেখেতৰ বাসগৃহত অসংখ্য গুণমুগ্ধ উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰাৰ পাছতেই কালি নিশায়ে অন্তিম সৎকাৰ কৰা হয়। মৃত্যুৰ সময়ত জোনাকী শ‌ইকীয়াই পুত্ৰ, বোৱাৰী, নাতি-নাতিনী সহ বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button