অসম

নগাঁৱত অৰূপজ্যোতি হাজৰিকাৰ গ্ৰন্থ উন্মোচন

সংবাদদাতা, পুৰণিগুদাম: নগাঁও জিলাৰ পুৰণিগুদামত শিশুৰ সন্দৰ্ভত ৰচনা কৰা এখন অসমীয়া গ্ৰন্থ “ময়ো সুনাগৰিক হব খোজো“ উন্মোচন কৰা হয়৷ পুৰণিগুদামৰ শিশু সাহিত্যিক দুলাল বৰাৰ বাসগৃহত কবি-লেখক অশান্ত ৰাতুল দত্ত, লিখক তথা সাহিত্য সংগঠক শংকুসিদ্ধ নাথ, চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰী পৰাগ কলিতা প্ৰমুখ্যে বহুকেইজন সাহিত্যকৰ্মী উপস্থিতিত আজি গ্ৰন্থখনি উন্মোচন কৰে মাজুলীৰ সংবাদদাতা তথা বিশিষ্ট কবি, তথা মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰা আৰু পুৰণিগুদামৰ শিশুবন্ধু দুলাল বৰাই৷ লেখক অৰূপজ্যোতি হাজৰিকাই ৰচনা কৰা “ময়ো সুনাগৰিক হব খোজো“ নামৰ গ্ৰন্থখনিৰ যোগেদি শিশুসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি লেখক গৰাকীয়ে জানিব দিয়ে সংবাদ মাধ্যমৰ ওচৰত৷ গ্ৰন্থখন উন্মোচন কৰি উন্মোচক তথা মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰাই কয়, “গ্ৰন্থই মানৱ সম্পদ সৃষ্টি কৰে l সেয়ে উঠি অহা প্ৰজন্মক তেওঁ গ্ৰন্থ অধ্যয়নৰ বাবে অধিক আকৰ্ষিত হ’বৰ বাবে আহ্বান জনায়“। উন্মোচক পাপু বৰাই কয় যে এই গ্ৰন্থখনৰ যোগেদি শিশুক বৌদ্ধিক উত্তৰনৰ দিশে আগুৱাই নিব বুলি যথেষ্ট আশাবাদী৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: