অসম

নগাঁৱত ফ’ৰলেন নিৰ্মাণত ব্যাপক দুৰ্নীতি

পি আৰ এল, এম গংগাসাগৰ আৰু চিমপ্লেক্স কোম্পানীয়ে চলাইছে দুৰ্নীতি

সংবাদদাতা, পুৰণিগুদাম:- নগাঁও জিলাৰ উৰিয়াগাঁৱৰ পৰা কলিয়াবৰ পৰ্যন্ত নিৰ্মাণ কাৰ্য চলি থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফ’ৰলেনযুক্ত পথৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা এই পথৰ কাম অতি খৰটকীয়াকৈ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰাৰ সময়ত পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। বহিঃৰাজ্যৰ কোম্পানীৰ অধীনত চলি থকা এই কাম পি আৰ এল, এম গংগাসাগৰ আৰু চিমপ্লেক্স কোম্পানীয়ে ঠিকা লাভ কৰাৰ পিছত অতি খৰটকীয়াকৈ কাম কৰাৰ ফলত সময়ে-সময়ে দুৰ্ঘটনাও সংঘটিত হৈছে। বিশেষকৈ উৰিয়াগাঁৱৰ পৰা তেলিয়াগাঁৱলৈকে পি আৰ এল কোম্পানীয়ে ঠিকা লাভ কৰাৰ উপৰিও তেলিয়াগাঁৱৰ পৰা ৰঙাগড়ালৈ এম গংগাসাগৰ আৰু ৰঙাগড়াৰ পৰা চিমপ্লেক্স কোম্পানীয়ে চলাইছে পথ নিৰ্মাণৰ কাম। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰা এই কোম্পানী কেইটাৰ কৰ্মচাৰীসকল হিন্দীভাষী হোৱাৰ উপৰিও নিৰ্মাণৰ আঁচনি সম্পৰ্কে জানিবলৈ স্থানীয় লোকসকল অপাৰগ হোৱাৰ হেতুকে বহিঃৰাজ্যৰ কোম্পানীয়ে এনেধৰণৰ জালিয়াতি কৰি কাম শেষ কৰাৰ পৰিকল্পনা কৰিছে। ইফালে, একাংশ অভিজ্ঞ আৰু সচেতন লোকে এই কোম্পানীসমূহে কৰা কামৰ জালিয়াতি ধৰা পেলাবলৈ সক্ষম হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ এজন বিষববীয়াই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, ফ’ৰলেনৰ উপপথসমূহ যিমান পৰিমাণৰ বহল থাকিব লাগে সিমান পৰিমাণৰ বহল নহয়। ইফালে, মাজৰ ডিভাইডাৰ ঠেক হৈছে। ডিভাইডাৰৰ কোনোবা ঠাইত মাত্ৰ একফুট, ডেৰ ফুট মানহে নিৰ্মাণ কৰিছে। এইক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিয়ে কোম্পানীৰ এই জালিয়াতি গৰিহণা দিয়াৰ লগতে নিৰ্মাণ কাৰ্যত হোৱা অনিয়ম ৰোধ কৰিবলৈ বিভাগীয় উদ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে। ইফালে, আন একাংশ সচেতন লোকে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, কাষৰ যিসমূহ পকীৰ নলা নিৰ্মাণ হৈছে সেইসমূহো নিৰ্মাণ কাৰ্য খৰধৰকৈ কৰি অনিয়ম সংঘটিত কৰিছে। বিশেষকৈ নলাসমূহ নিৰ্মাণত ব্যৱহাৰ হোৱা শিল, বালি আৰু চিমেণ্টৰ যি সংমিশ্ৰণ সেয়া অতি নিম্ন মানদণ্ডৰ হৈছে। ইয়াৰ উপৰিও পথৰ মাজত নিৰ্মাণ হোৱা কালভাৰ্ট সমূহ যিদৰে নিৰ্মাণ কৰিব লাগে সেইদৰে নিৰ্মাণ নোহোৱাৰ অভিযোগ উঠিছে। এই কালভাৰ্টত ব্যৱহৃত সামগ্ৰী নিম্ন মানদণ্ডৰ হোৱা হেতুকে অতি কমসময়ৰ ভিতৰত নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে। এই কোম্পানী কেইটাই সাধাৰণ জনতাক আঁভুৱা ভাৰি পথ নিৰ্মাণৰ সকলো গাইড লাইন ধোঁৱা চাঙত তুলি নিজৰ খেয়াল খুচিমতে কাম কৰিছে যদিও এইসমূহ বন্ধ কৰি তদন্তৰ দাবী কৰিবলৈ স্থানীয় লোকে সাহস গোটাব পৰা নাই। এইসমূহ জালিয়াতি সংঘটিত কৰাৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিযন্ত্ৰাসকলে কোম্পানীৰ কাম পৰীক্ষা কৰি সুন্দৰ হোৱাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে কোম্পানীসমূহে আৱণ্টিত ধন পোৱাৰ ক্ষেত্ৰত সুবিধা হৈছে। চতুৰ কোম্পানী সমূহৰ হিন্দীভাষী কৰ্মচাৰী সকলে যিসমূহ স্থানত মেচিনৰ জৰিয়তে পৰীক্ষা কৰিব সেইসমূহ স্থান উন্নত মানৰ কাম কৰি আঁভুৱা ভাৰিছে। এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত সকলো দুৰ্নীতি ক্লিন চিট দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইফালে এই পথটোৰ নিৰ্মাণৰ কাম ২০১৮ চনতে আৰম্ভ হৈছিল। সেই সময়ত পথটো উৰিয়াগাঁৱৰ ৰঙাগড়ালৈ টি কে ইঞ্জিনীয়াৰিং কোম্পানীয়ে হাতত লৈছিল যদিও কাম অলপ কৰি পথচাৰীসকলক সমস্যাত পেলাই কোম্পানীটোৱে কাম এৰি দিয়ে। ইয়াৰ পিছতে এই অংশটো দুটা কোম্পানীক ভাগ কৰি আৱণ্টন দিয়ে। পুঁজিপতি কোম্পানী দুটাই কাম লাভ কৰি এনেধৰণৰ জালিয়াতি কৰাৰ বাবেই পথৰ কাম নিম্ন মাণদণ্ডৰ হোৱাটো নিশ্চিত হৈ পৰিছে। ইফালে, কাম শেষ কৰাৰ পিছত দীৰ্ঘদিনীয়াকৈ মেৰামতিৰ দায়িত্ব কোম্পানীসমূহৰ ওপৰত ন্যস্ত থকাৰ লগতে আৱণ্টিত ধনৰ কিছু অংশ বিভাগীয়ভাৱে ৰাখি থয় যদিও এই ধন ৰাখি থোৱাৰ পিছতো কোম্পানী কেইটাই এনেদৰে জালিয়াতি কৰাটো তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। এইক্ষেত্ৰত হোৱা দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰি ফ’ৰলেন নিৰ্মাণত হোৱা দুৰ্নীতি ৰোধ কৰিবলৈ দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button