অসম

নগাঁৱৰ চাপানালাৰ সুলভ মূল্যৰ দোকানত ওলাল প্লাষ্টিকৰ চাউল

সংবাদদাতা, পুৰণিগুদাম : নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাপানালা সমবায় সমিতিৰ অধীনৰ সূলভ মূল্যৰ দোকান  সমূহৰ জৰিয়তে হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰা চৰকাৰী চাউলক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি  ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। সুলভ মূল্যৰ দোকানসমূহে বিতৰণ কৰা চৰকাৰী চাউলৰ মাজত প্লাষ্টিকৰ চাউল সদৃশ নকল চাউল মিহলিহৈ অহাৰ

এক গুৰুতৰ অভিযোগ উত্থাপন কৰি একাংশ হিতাধিকাৰীয়ে  চাপানালাস্থিত সমবায় সমিতিখনৰ মূল কাৰ্যালয়টো ভিৰ কৰাৰ লগতে দোকানসমূহে বিতৰণ কৰা ভেজাল চৰকাৰী চাউল খায় ইতিমধ্যেই বহু কেইজন হিতাধিকাৰী অসুস্থ হৈ পৰাৰ কথাও একাংশ ক্ষুদ্ধ ভুক্তভোগীয়ে অৱগত কৰে। ইফালে চাপানালা সমবায় সমিতিখনৰ কৰ্তৃপক্ষয়ো সমগ্ৰ বিষটোৰ গুৰুত্ব বুজি পাই হিতাধিকাৰী সকলৰ পৰা

প্লাষ্টিক সদৃশ নকল চাউলৰ নমুনা সংগ্ৰহ কৰাৰ লগতে পোহৰলৈ অহাত এই আজৱ কাণ্ড কোনো দুষ্টচক্ৰয়েও সংঘটিত কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে, সমবায় সমিতিখনে বৃহত্তৰ চাপানালা অঞ্চলত মুঠ ৩৮ জন এজেণ্ট তথা সূলভ মূল্যৰ দোকানৰ জড়িয়তে যোগান বিভাগে  যোগান ধৰা আসোঁৱাহ যুক্ত চাউল প্ৰায় চাৰি হাজাৰ হিতাধিকাৰীৰ মাজত  গাইপতি পাচ কে.জি.কৈ বিতৰণ কৰিছিল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: