নগাঁৱৰ জলাহ গাঁৱত বনৰীয়া ম’হৰ উপদ্ৰৱ

সংবাদদাতা, পুৰণিগুদাম:- বনৰীয়া ম’হৰ উপদ্ৰৱে এতিয়া আতংকিত কৰি তুলিছে নগাঁৱৰ সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ জলাহগাঁৱৰ ৰাইজক। বিগত প্ৰায় এমাহ ধৰি বনৰীয়া ম’হটোৱে বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই খেতি-বাতিৰো যথেষ্ট অনিষ্ট সাধন কৰিছে। শেহতীয়াকৈ বনৰীয়া ম’হটোৱে বামুণীৰ মুৰ্গীলাইত বংশী মুড়া নামৰ এজন লোকক ভয়ংকৰ ভাৱে আক্ৰমণ কৰি নিহত কৰাৰ পাছত পুনৰ বনৰীয়া ম’হটোৱে চলচলী জলাহগাঁৱত অৱস্থান গ্ৰহণ কৰিছে। নিশা হ’লেই বনৰীয়া ম’হটোৱে জলাহৰ পথাৰত উপদ্ৰৱ চলাই দিনৰ ভাগত এডৰা হাবিত অৱস্থান কৰাৰ ফলত ৰাইজ আতংকিত হৈ পৰিছে। অতি উগ্ৰ হৈ পৰা বনৰীয়া ম’হটো খেদিবৰ বাবে জলাহৰ ৰাইজে নগাঁও সদৰ আঞ্চলিক বন বিষয়া গৰাকীক বাৰম্বাৰ অনুৰোধ জনোৱাত কেইগৰাকীমান বনৰক্ষী দ্বাৰা তহলদাৰী কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে। বিষয়া গৰাকীয়ে ম’হটো খেদাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিবৰ্তে দায়সৰা স্থিতি গ্ৰহণ কৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। জলাহৰ ৰাইজে গাঁঠিৰ ধন ভাঙি কৰা সৰিয়হৰ খেতিত এতিয়া বনৰীয়া ম’হটোৱে নিতৌ উপদ্ৰৱ চলাইছে। নগাঁও সদৰ আঞ্চলিক বন বিষয়া গৰাকীৰ একমাত্ৰ হেমাহি আৰু দায়িত্বজ্ঞানহীনতাই ৰাইজক বিপদৰ মুখলৈ ঠেলি দিছে। আনপিনে বিগত এমাহ ধৰি বনৰীয়া ম’হটোৱে উপদ্ৰৱ চলাই আহিছে যদিও বাতৰি লিখা সময়লৈকে নগাঁও সদৰ আঞ্চলিক বন বিষয়া গৰাকীৰ লগতে জিলা সংমণ্ডল বন বিষয়া গৰাকী ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে এতিয়া সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে নগাঁও জিলা উপায়ুক্ত গৰাকীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।