অসম

নগাঁৱৰ হালোৱাগাৱঁত ভয়ংকৰ অগ্নিকাণ্ড, ১৫শ ব্ৰয়লাৰ পোৱালিৰ মৃত্যু

সংবাদদাতা, পুৰণিগুদাম:- ৩১ডিচেম্বৰৰ নিশা যি সময়ত ৰাজ্যবাসীয়ে পুৰণা বৰ্ষক বিদায় দি নতুনক আদৰাৰ মানসেৰে আনন্দত আত্মহাৰা হৈ আছিল। ঠিক তেনে সময়তে নগাঁৱৰ পুৰণিগুদামৰ হালোৱাগাঁৱৰ এটা পৰিয়াললৈ নামি আহিল অমানিশা। গাঁঠিৰ ধন‌ ভাঙি হালোৱাগাৱঁৰ জোনমনি শ‌ইকীয়া নামৰ যুৱকজনে নিৰ্মাণ কৰি উলিওৱা ব্ৰয়লাৰ ফাৰ্ম খনত অগ্নিকাণ্ড সংঘটিত হয়। নিশা হঠাৎ দাওদাওকৈ ব্ৰয়লাৰ ফাৰ্মখন জ্বলি উঠাত গৃহস্থৰ লগতে স্থানীয় ৰাইজৰ মাজত হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয়। জোনমনি শ‌ইকীয়া নামৰ লোকজনৰ ব্ৰয়লাৰ ফাৰ্ম খনত সংঘটিত অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ১৫০০ ব্ৰয়লাৰ পোৱালি মৃত্যুমুখত পৰাৰ লগতে অন্যান্য সা-সামগ্ৰীৰো বিস্তৰ ক্ষতিসাধন হয়। পাছত সমগ্ৰ ঘটনা সন্দৰ্ভত অবগত হৈ ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও সকলো পুৰি শেষ হৈ যায়। উল্লেখ্য যে একমাত্ৰ ব্ৰয়লাৰ ফাৰ্ম খনকে স্বাৱলম্বনৰ পথ হিচাপে বাচি লোৱা জোনমনি শ‌ইকীয়াৰ পৰিয়ালটোৰ এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: