সময়ৰ কলম

নতুন বছৰৰ এবুকু প্ৰত্যাশাৰে

তপন কুমাৰ দাস

নতুন বছৰ মানেই নতুন সংকল্প, নতুন পৰিকল্পনা, নতুন প্ৰত্যাশা। বনভোজৰ ৰং-ৰহস্যৰ মাজেৰে পুৰণিক বিদায় দি নতুন বছৰটো আদৰাৰ ব্যাপক প্ৰস্তুতিৰে আমাৰ মন তোলপাৰ লাগে। গাঁওবোৰত শীতৰ আগমনৰ লগে-লগে কৃষকৰ সোণগুটি চপোৱা আৰু সৰিয়হ ফুলা হালধীয়া দৃশ্যৰ এক মিঠা শিহৰনত নতুন বছৰ আগমন হয়। লগতে হেঁপাহৰ মাঘ বিহুৰ বতৰাই দেহ-মন অধিক উচাটন কৰি তোলে। নতুন বছৰৰ নতুন দিনটোৰ পোৱাৰ ৰ’দ চেঙাই সকলোৰে মনবোৰ উজ্জ্বলাই তোলক। যোৱা বৰ্ষটো পোৱা নোপোৱাৰ মাজেৰেই ইতিহাস হৈ পৰিল। হৈ যোৱা ভুলবোৰ শুধৰণিৰ বাবে পণ কৰাৰ সময়। এবুকু পত্যাশাৰে আগুৱাই যাওঁ। নতুন বছৰটোত কৰ্ম স্পৃহা, দক্ষতা অগতকৈ অধিক উৎসাহেৰে আগ বঢ়াই নিব লাগিব। নিজৰ মাজত থকা দক্ষতাবোৰ নিজেই বিচাৰি সফল কৰা বাবে চেষ্টা কৰিব লাগে। আনলৈ বাট নাচাই নিজৰ সপোন নিজে পূৰণ কৰিম ভাবেৰে নতুন বৰ্ষটো পৰিকল্পনা কৰা উচিত। অন্যথা আমাৰ নতুন বছৰৰ আনন্দবোৰ ম্লান হৈ পৰিব। দিনবোৰ একেই আহিব আৰু যাব। কিন্তু আমাৰ কৰ্মৰ মাজেৰে সময়ৰ সমষ্টিক ধৰি ৰাখিবলৈ কেলেণ্ডাৰখনহে সলনি হৈ নতুন এটা বছৰ দিছে। গতিকে নতুন বছৰটোত সৎ, শৃংখলিত পৰিকল্পনা আৰু কৰ্ম উদ্যমে ভৱিষ্যৎ দিনবোৰ সুখময় কৰি তুলিব। সেয়ে নতুন বছৰে মনবোৰ আশাবাদী কৰি তোলে। ইংৰাজী নৱবৰ্ষই সকলোৰে সফলতাৰ ক্ষণ কঢ়িয়াই আনক। যোৱা দুবছৰে হোৱা পৃথিৱীবাসীৰ অপায় অমঙ্গলবোৰ নিপাত যাওঁক। নতুন বছৰটোত সকলোৰে জীৱনত সুখ-সমৃদ্ধি উপচি পৰক। নতুন দিনটোৰ প্ৰত্যুষ সূৰুজৰ হেঙুলীয়া আভাৰ খিনিয়ে সকলোৰে মনবোৰ প্ৰবিত্ৰ কৰি সপোন পূৰণৰ আশাৰ বতৰা কঢ়িয়াই আনক। তাৰে কামনা কৰিলোঁ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: