অসম

ননৈ নদীৰ কৱলত টংলাৰ ডলাগ্ৰেণ্ড গাঁও। ভয়াৱহ গৰাখহঁ‌নীয়াই গাওঁ খনলৈ মাতি আনিছে কাল আমানিশা

সংবাদদাতা, টংলা : ওদালগুৰি জিলাৰ ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ ভূঞাখাট ভিচিডিচিৰ অন্তৰ্গত ডলাগ্ৰেণ্ড গাঁৱৰ কেইবাটাও পৰিয়াল ননৈ নদিৰ কৱলত বিধ্বস্ত উপক্ৰম হৈছে।দিনক দিনে বৃদ্ধি হৈ অহাঁ গৰাখহনীয়াই প্ৰতিবছৰে গাঁওখনলৈ ক্ৰমান্বয়ে মাতি আনিছে কাল আমানিশাৰ।

এনেকৈ বছৰে বছৰে ননৈ নদীৰ গৰাখহনীয়াই ডলাগ্ৰেণ্ড গাঁৱৰ প্ৰায় পৰিয়ালৰ ঘৰ-দুৱাৰ মাটি বাৰী ভাঙি লৈ গৈ আছে। অতি দুখৰ বিষয় ইমান দিনে ডলাগ্ৰেণ্ড গাঁৱৰ এই দুৰৱস্থা বাৰম্বাৰ জনপ্ৰতিনিধি প্ৰত্যক্ষ কৰাৰ পিছটো কোনো ব্যৱস্থা হাতত লোৱা নাই। স্থানীয় লোকৰ অভিযোগ আজিলৈ

কোনো জনপ্ৰতিনিধিয়ে গাওঁ খনৰ এই দুৰৱস্থাক লৈ মাত মাতি অহা নাই। নিৰ্বাচনী আগমহুৰ্তত প্ৰাৰ্থী সকলে দিয়া বৰ বৰ ভাষণ বাৰম্বাৰ শুনি অহাঁ‌ৰ কথা প্ৰকাশ কৰিছে গাওঁ বাসীয়ে।এই ক্ষেত্ৰত গৰাখহনীয়া আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: