অসম

নাগালেণ্ডৰ মোককচাঙত উদ্ধাৰ চুৰি বাইক

পুলিবৰ থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে যোৰহাটৰ পৰা চুৰি কৰি নিয়া বাইক

সংবাদদাতা ,পশ্চিম যোৰহাট : যোৰহাটৰ পৰা চুৰি কৰি নিয়া এখন বাইক নাগালেণ্ডৰ মোককচাঙত ১৬ মে’ত উদ্ধাৰ কৰিলে যোৰহাটৰ পুলিবৰ থানাৰ আৰক্ষীয়ে।পশ্চিম যোৰহাটৰ ভাতেমৰা গাঁৱৰ পৰা কিছুদিনৰ পূৰ্বে এখন বাইক চুৰি হৈছিল। কেইদিনমানৰ পূৰ্বে পুলিবৰ থানাৰ আৰক্ষীয়ে এটা চোৰৰ স্বীকাৰুক্তিৰ ভিত্তিত ৫টা চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা

চোৰৰ দলটোৰে আন এটা চোৰক ১৪ মে’ত পুলিবৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।এই চোৰটো হ’ল পুলিবৰ থানাৰ অন্তৰ্গত পুৰণিমাটি নপমুৱা গাঁৱৰ নবীন দাস (২৭)বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত পুলিবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰৱজ্যোতি চুতীয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নগালেণ্ড আৰক্ষীৰ সহযোগত ১৬ মে’ত বাইক

এখন উদ্ধাৰ কৰে ।উদ্ধাৰ হোৱা বাইকখন নবীন দাসে নগালেণ্ডত বিক্ৰী কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰুক্তি দিছিল। গ্ৰেপ্তাৰ কৰা চোৰটোৰ বিৰুদ্ধে কেচ নং ১৮০/২১ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪৫৭/৩৮০ ধাৰাৰ আৰক্ষীয়ে পুলিবৰ থানাত গোচৰ তৰিছে।উদ্ধাৰ হোৱা বাইক খনৰ গৰাকী ভাতেমৰা গাৱৰ প্ৰয়াত যোগেশ্বৰ গগৈৰ পুত্ৰ নিবিড় কান্ত গগৈ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: