অসম

নাগৰিকত্ব সংশোধনী আইন অসমত কাৰ্যকৰী নকৰিবলৈ আহ্বান ‘কা’ আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কৰ পৰিয়ালবৰ্গৰ

সংবাদদাতা, টংলা : বৰ্তমান সময়ত বহু চৰ্চিত নাগৰিকত্ব সংশোধনী আইন বলৱৎ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰ তথা গৃহ মন্ত্ৰালয়ে ৩০ মে’ত স্পষ্ট কৰি দিয়ে যে সংশোধিত আইনখনৰ অধীনত নাগৰিকত্ব দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। নাগৰিকত্ব আইন ১৯৫৫ আৰু ২০০৯ অনুসৰি, বিগত দিনবোৰত যিদৰে নিৰ্বাচিত লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হৈছিল এইয়া তাৰেই অংশ বুলি স্পষ্ট কৰে কেন্দ্ৰীয় চৰকাৰে।

এইফালে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ বহুকেইখন ৰাজ্যত এই আইনখন কাৰ্যকৰী কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে বুলি প্ৰচাৰ চলিছে ৰাইজৰ মাজত। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে এটা সময়ত অসমকে ধৰি ভাৰতৰ বহু ৰাজ্যত কা’ৰ বিৰূদ্ধে আন্দোলন হৈছিল। সেই আন্দোলনতে অসম চৰকাৰৰ আৰক্ষীয়ে জপিয়াই পৰিছিল ৫ জনকৈ ভূমি পুত্ৰ নিৰীহ অসম সন্তানৰ ওপৰত।

বন্দুকৰ গুলিৰে বুকু ফাটি তেজৰ নৈ বৈছিল অসমৰ বুকুত। অসমে কেতিয়াওঁ বিদেশীৰ বোজা ল’ব নোৱাৰে বুলি ৰাজপথ কপাঁই তুলিছিল আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বহু দল, সংগঠন। পিছে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত প্ৰতাৰিত অ-মুছলমান শৰণাৰ্থীসকলক ভাৰতত নিজৰ নাগৰিকত্ব বিচাৰি আবেদন কৰিবলৈ জাননী জাৰি কৰিছে বুলি প্ৰচাৰ চলিছে ৰাইজৰ মাজত।

যাৰ ফলশ্ৰুতিত অসমৰ জনগণ শংকিত হোৱা পৰিলক্ষিত হৈছে। খিলঞ্জীয়া ৰাইজ পিছৰ পৰ্য্যায়ত অসমৰ নামটো ইয়াত অন্তৰ্ভূ্ক্ত হোৱাৰ সম্ভাৱনা আছে বুলি শংকিত হোৱা পৰিলক্ষিত হৈছে। কা’ আন্দোলনৰ শ্বহীদৰ পৰিয়ালবৰ্গই পিছে কি বিচাৰে? এই সন্দৰ্ভত কি কয় শ্বহীদৰ পৰিয়ালবৰ্গই। ৫ জনকৈ শ্বহীদ ভূমি পুত্ৰ নিৰীহ অসম সন্তানৰ ভিতৰত আছিল ওদালগুৰিৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজুলি চাহ বাগিচাৰ শ্বহীদ ঈশ্বৰ নায়ক।

দৰিদ্ৰ পিতৃ-মাতৃ তথা ককায়েকৰ আৱেগভৰা সময়খিনিত তেওঁলোকৰ চৰকাৰলৈ তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এটাই আহ্বান, অসম খনক বিদেশীৰ পৰা বচাওঁক। নিবনুৱা সমস্যাই জনবিস্ফোৰণ ঘটোৱা আমাৰ ৰাজ্যখনত ‘কা’ বলৱৎ নকৰিবলৈ আহ্বান। অসমীয়া ভাষা সংস্কৃতি যদি এই নতুন চৰকাৰখনে বচাব বিচাৰে তেন্তে ‘কা’ অসমত কাৰ্যকৰী নকৰিবলৈ অনুৰোধ শ্বহীদ ঈশ্বৰ নায়কৰ পৰিয়ালবৰ্গৰ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: