অসম

নাবালিকাক বিয়া কৰাই কৰায়ত্ত কলগাছিয়াৰ যুৱক

সংবাদদাতা, কলগাছিয়া:- নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী নাবালিকাক বিয়া কৰাই কৰায়ত্ত হ’ল কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বামুণটাৰীৰ বাবৰ আলীৰ পুত্ৰ আবেদ আলীয়ে। ঘটনাৰ বিৱৰণীত প্ৰকাশ পোৱা মতে যোৱা ১৫ ডিচেম্বৰৰ নিশা আবেদ আলীয়ে বিয়া কৰাই ন কইনাক লগত লৈ ঘৰলৈ আহি থকাৰ পথত গোপন খবৰৰ ভিত্তিত জনীয়াৰ ছুহিল ৰাণা চ’কত বৰপেটা চাইল্ড লাইনৰ কৰ্মী সকলে দৰা-কইনাৰ লগতে কেইগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। চাইল্ড লাইনৰ কৰ্মীসকলে দৰা-কইনাৰ লগতে লোক কেইজনক বৰপেটা আৰক্ষীক গতাই দিয়ে। সমাজৰ ব্যাধি স্বৰূপ বাল্য বিবাহৰ বিৰুদ্ধে চাইল্ডলাইনৰ লগতে সৰ্বস্তৰৰ ৰাইজ সজাগ হলে বাল্য বিবাহ প্ৰতিৰোধ হ’ব বুলি শিশু অধিকাৰ কৰ্মী ৰফিকুল ইছলামে আশা প্ৰকাশ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: