অসম

নামাচার্য, শিল্পী প্ৰয়াত গোপাল ডেকাৰ স্মৃতিচাৰণ অনুষ্ঠান আয়োজন

সংবাদদাতা, টংলা:- শ্ৰীমন্ত শংকৰদেৱ সংঘ ভেৰগাঁও জিলা শাখাৰ একনিষ্ঠ সেৱক, নামাচাৰ্য, লোক কলা সংস্কৃতিৰ সাধক প্ৰতিভাবান শিল্পী তথা ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা বালিপাৰাৰ নিবাসী গোপাল ডেকাৰ স্মৃতিচাৰণ অনুষ্ঠানটি অহা ২৬ ডিচেম্বৰত বালিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ ভেৰগাঁও জিলা শাখাৰ উদ্যোগত আৰু টংলা আঞ্চলিক ৰাইজৰ সহযোগত অনুষ্ঠিত হব লগা উক্ত স্মৃতিচাৰণ অনুষ্ঠানৰ কাৰ্যাসূচী মতে ৰাতিপুৱা ৭ বজাত বন্তি প্ৰজ্জ্বলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ সদস্য মঙ্গল ৰাভাই, ৮ বজাত গছপুলি ৰোপণ কৰিব চমুৱাপাৰা মধ্যইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অক্ষয় দাস আৰু বালিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃগেন সূত্ৰধৰে। ৮: ৩০ বজাত স্মৃতি তৰ্পণ কৰিব টংলা শিল্পী সমাজৰ সভাপতি কমলেশ্বৰ ৰাভাই, ৯ বজাত সামূহিক নাম প্ৰসংগ পৰিচালনা কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘ ভেৰগাঁও জিলা শাখাৰ সাংস্কৃতিক সম্পাদক নৱ কুমাৰ তামোলীয়ে, ১০: ৩০ বজাত অনুষ্ঠিত হব বাৰেবৰণীয়া লোককৃষ্টি আৰু শংকৰী কলাকৃষ্টি প্ৰদৰ্শন, ১২ বজাত ভেৰগাঁও জিলাৰ সভাপতি মাধৱ ৰাভাই সভাপতিত্বত কৰিব লগা স্মৃতিচাৰণ সভাতে স্মৰণিকা উন্মোচন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য খগেন চহৰীয়াই। উক্ত আনুষ্ঠানত উপস্থিত থাকিব ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভেৰগাঁও জিলা শাখাৰ উপ সভাপতি সন্তোষ হাজৰিকা, টংলা শতদল সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাস, আধিগম শিক্ষা কেন্দ্ৰৰ সঞ্চালক অৰূপজ্যোতি ৰাভা, টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা, টংলা ৰংপুৰীয়া বিহু দলৰ সভাপতি দেৱজিৎ ৰাভা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বৰা কোচ, বিশিষ্ট আবৃত্তিকাৰ পাৰ্থপ্ৰতিম পাঠক।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: