অসম

নাম গৰুমৰা বাপুবাঢ়ৈত বিজ্ঞানৰ দিন পালন

যোৰহাট, পশ্চিম যোৰহাট:- যোৰহাটৰ নাম গৰুমৰা বাপুবাঢ়ৈ উচ্চ মাধ্যমিক বিদ্যালয়ত ১৮ ডিচেম্বৰত বিজ্ঞানৰ দিন পালন কৰা হয়। এই উদ্দেশ্যে পুৱা বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহম্মদ ইজাউল হুচেইনে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডিম্বেশ্বৰ বৰাই। বীৰেন বৰা, জীৱ কলিতাৰ পৰিচালনাত অনুষ্ঠিত বিজ্ঞান বিষয়ৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতাত বিচাৰকৰূপে অংশ লয় অৰূপজ্যোতি বৰা, পিংকি কলিতা, প্ৰেমানন্দ বৰাই, প্ৰকল্প প্ৰদৰ্শনীৰ বিচাৰক উদয়জ্যোতি বৰা, ফলক প্ৰদৰ্শনীৰ বিচাৰক সুৰেশ পূজাৰী, শিক্ষাৰ্থীসকলে বিহু, দিহানাম, সৃষ্টিমূলক নৃত্য দলীয়ভাৱে প্ৰদৰ্শন কৰা অনুষ্ঠানত প্ৰকল্প প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে নেইষ্টৰ বিজ্ঞানী ডঃ বিনয় কুমাৰ শইকীয়াই, ফলক প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে বিজ্ঞানী আশুতোষ নামদেৱে, প্ৰাচীৰপত্ৰিকা উন্মোচন কৰে দেবাঞ্জন বৰঠাকুৰে। জীৱকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অভিজিৎ বৰবৰা, অৱন্তী বৰবৰা, মৃণাল কলিতা প্ৰমুখ্যে ভালেকেইজনে বক্তব্য আগবঢ়ায়। ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে নেইষ্টৰ বিজ্ঞানী ডঃ বিনয় কুমাৰ শইকীয়াৰ লগতে আশুতোষ নামদেৱ, দেৱাঞ্জন বৰঠাকুৰক বিদ্যালয়খনৰ তৰফৰ পৰা কৃতজ্ঞতা জনায়। প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক মুকলি সভাতে পুৰস্কাৰ প্ৰদান কৰে। উল্লেখ্য, বিদ্যালয়খনৰ তিনি শতাধিক শিক্ষাৰ্থীক ১৩ গৰাকীয়ে শিক্ষা দান কৰে। সীমিত সা-সুবিধাৰে নিয়াৰিকৈ অনুষ্ঠিত কৰা বিজ্ঞানৰ দিন বিদ্যালয়খনৰ নিজা প্ৰচেষ্টাত ৰূপায়ণ কৰিছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ সহযোগিতা বিদ্যালয়খনৰ সৈতে জড়িতসকলে কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: